অপেক্ষাৰ অন্ত: ৰাম ভক্তিত বিলীন অমিতাভ বচ্চনৰ পৰা ৰজনীকান্তলৈ আলীয়া ভাটৰ পৰা কংগণা ৰাণাৱত

0 939

আজি ৫০০ বছৰ পৰিক্ৰমাৰ অন্তত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হল ৰামলালৰ। সমগ্ৰ দেশবাসীৰ লগতে বলিউডৰ তাৰকা সকলো বিলীন হৈ পৰিছে ৰাম ভক্তিত। সকলোৰে মুখত এতিয়া মাত্ৰ জয় শ্ৰী ৰামৰ ধ্বনি।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ বাবে ৰাজনৈতিক জগতকে ধৰি অভিনয় খেলজগত উদ্যোগপতি সকলো ধৰণৰ লোকলৈ নিমন্ত্ৰণ পত্ৰ পঠিওৱা হৈছিল আৰু এই ক্ষণত অযোধ্যাত উপস্থিত হয় বহু তাৰকা।

সোমবাৰে বলিউডৰ মহানায়ক অমিতাভ বচ্চন পুত্ৰ অভিষেক বচ্চনৰ সৈতে অযোধ্যাত উপস্থিত হয় । এক্টৰ ৰণবীৰ কাপুৰ পত্নী আলিয়া ভাটৰ সৈতে মুম্বাইৰ পৰা অযোধ্যাত উপস্থিত হয়। তাৰ লগে লগে এক্টৰ ভিকি কৌশল, কেটৰিনা কাইফ, আয়ুষ্মান খুৰানা, কংগণা ৰাণাৱত মাধুৰী দিক্ষিত স্বামী ৰাম নেনেৰ সৈতে অযোধ্যাত উপস্থিত থাকে।

বলিউডৰ লগতে চাউথ industry ৰ থালাইৱা ৰজনীকান্ত তেওঁৰ পৰিবাৰৰ সৈতে এই শুভ অনুষ্ঠানত উপস্হিত হয়। ইয়াৰোপৰি এক্টৰ ধনুস, প্ৰভাস, ৰাম চৰণ ,ছবি নিৰ্দেশক ৰাজকুমাৰ হিৰানি, সঞ্জয় লীলা ভাঞ্চলি অযোধ্যাত উপস্থিত থাকে।

খেলজগতৰ পৰা শচীন টেণ্ডুলকাৰ, অনিল কুমলে ৰবীন্দ্ৰ জাদেজা মিতালী ৰাজ অযোধ্যাত উপস্থিত হয়। গায়ক চনু নিগম আৰু শংকৰ মহাদেৱন গানেৰে মুখৰিত কৰে প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ।

media school
Leave A Reply

Your email address will not be published.