নির্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

0 1,285

সমাগত লোকসভা নিৰ্বাচন: প্ৰতিটো ৰাজনৈতিক দললৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা নিৰ্বাচনী আয়োগৰ………

অহা এপ্ৰিল মাহত অনুষ্ঠিত হব ১৮ সৈংখ্যক লোকসভা নিৰ্বাচন । যাৰ বাবে এতিয়া প্ৰস্তুতিত ব্যস্ত ৰাজনৈতিক দলসমূহ। প্ৰতিটো দলে বিভিন্ন মাধ্যমেৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দললৈ নিৰ্বাচনী আয়োগে জাৰী কৰিছে কেবাটাও নীতি নিৰ্দেশনা। এই নিৰ্দেশনা বোৰ মানি ছলিহে ৰাজনৈতিক দল সমূহে চলাব পাৰিব নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী আয়োগে স্পষ্ট কৰিছে যে কোনো ৰাজনৈতিক দলে নিৰ্বাচনী ৰেলীত শিশু-নাবালিকাক ব্যৱহাৰ কৰিব নোৱাৰিব।

কোনো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰৰ বাবে কোনো শিশুক ব্যৱহাৰ কৰিব নোৱাৰিব। ৰাজনৈতিক দল সমূহে নিৰ্বাচনী পষ্টাৰ বনাবোৰ বাবে কোনো শিশুক ব্যৱহাৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

প্ৰতিটো ৰাজনৈতিক দললৈ শিশু শ্ৰম অধিনিয়ম ১৯৮৬ নীতিৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিছে নিৰ্বাচনী আয়োগে।

এতিয়াও নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ।

media school
Leave A Reply

Your email address will not be published.