State Standing Labour committee-ৰে বৈঠকত মন্ত্ৰী সঞ্জয় কিষাণ

0 774

State Standing Labour committee-ৰে বৈঠকত মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে ।শ্ৰমিকসকলৰ সৰ্বাংগীণ কল্যাণৰ হকে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপ সন্দৰ্ভত শ্ৰমিকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে, যাতে কোনো যোগ্য হিতাধিকাৰী চৰকাৰৰ আঁচনিসমূহৰ সুফলৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। ইয়াৰ বাবে প্ৰতিখন চাহ বাগিচাৰ পৰা আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা নডেল বিষয়াৰ নিয়োগ সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়।

আনহাতে চাহ বাগিচা অঞ্চলসমূহত শ্ৰমিকৰ অনুপস্থিতি, জুৱা আৰু অবৈধ মদৰ প্ৰসাৰ ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰী সঞ্জয় কিষাণে।

তদুপৰি চাহ বাগিচা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে স্থানীয় ভাষা ব্যৱহাৰ কৰাতো গুৰুত্ব আৰোপ কৰি বিষয়াসকলক যাৱতীয় নিৰ্দেশ দিয়া হয়।

আনহাতে মহিলা শ্ৰমিকসকলৰ সুৰক্ষা তথা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতহে কামত নিয়োজনৰ দিশটোও আলোচনা কৰা হয় আৰু এই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখি যাৱতীয় ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়া হয়।

চাহ বাগিচাত চিকিৎসকৰ নিযুক্তি, বাগিচা শ্ৰম কল্যাণ সমিতিৰ সক্ৰিয়কৰণ, কল্যাণ বিষয়াৰ নিয়োগ, বিশুদ্ধ খোৱাপানীৰ যোগান, গাঁওসভাৰ সবল ভূমিকা তথা দায়িত্ব আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়তো বৈঠকত আলোচনা কৰোঁ আৰু সকলো বিষয় তৎপৰতাৰে সমাধান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.