কলিকতাৰ মা ভৱতৰিণী মন্দিৰত উপস্থিত কাজল, মা ৰ আশীষ ল’লে কাজলে

0 486

এটা আধুনিক বাংলা ৰূপ ধাৰণ কৰি দক্ষিণেশ্বৰত উপস্থিত হয় অভিনেত্ৰী কাজল। বিশাল পুৰীয়াৰ দ্বাৰা পৰিচালিত “মা” ছবিখনৰ মুক্তি লাভৰ আগতে মা ভৱতৰিণীৰ আশীষ ল’বলৈ বৃহস্পতিবাৰে দক্ষিণেশ্বৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী। মা ৰ চৰণত মূৰ দোৱাই নতুন যাত্ৰা আৰম্ভ কৰিলে কাজলে। মা ৰ ওচৰত প্ৰাৰ্থনা কৰাৰ পিছত পোনে পোনে বিমানবন্দৰলৈ ৰাওনা হয় কাজল।

দক্ষিণেশ্বৰত উপস্থিত হোৱাৰ পিছতে প্ৰতিকুল বতৰ নেওচি কাজলক চাবলৈ ভিৰ কৰিলে অনুৰাগীয়ে। মোহময়ী অভিনেত্ৰীগৰাকীক দেখি মন্ত্ৰমুগ্ধ হ’ল অনুৰাগী। কাজলক দেখাৰ পাছতে অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি পায়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো দেহৰক্ষীসকলৰ বাবে কঠিন হৈ পৰে।

অভিনেত্ৰী কাজলৰ উপৰিও বিশাল পুৰীয়াৰ দ্বাৰা পৰিচালিত “মা” ছবিখনত অভিনয় কৰিছে ৰূপকথা চক্ৰৱৰ্তীয়ে। ছবি খনৰ সন্দৰ্ভত ৰূপকথা চক্ৰৱৰ্তীয়ে কয় যে, ছবিখনত তেওঁক এটা বিশেষ চৰিত্ৰত দেখা পোৱা যাব তেওঁক। চৰিত্ৰটো ৰূপায়নৰ বাবে তেওঁ প্ৰস্থেটিক্স মেক’আপত লবলগীয়া হৈছিল। যাৰ বাবে সময় লাগিছিল প্ৰায় ৪ ঘণ্টা ।

media school
Leave A Reply

Your email address will not be published.