চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

0 1,040

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৰ্মচাৰীৰ বাবে জৰুৰী খবৰ। সমান্তৰালভাৱে পেঞ্চনাৰসকলেও লাভ কৰিব ভাল খবৰ। ২০২৫ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিছে DA আৰু DR। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰে কৰ্মচাৰীৰ ডিয়াৰনেছ এলায়েন্স (DA) বৃদ্ধি বা হ্ৰাস।

জানিব পৰা মতে, ৮৮ টা কেন্দ্ৰ আৰু ৩১৭ খন বজাৰৰ পৰা সকলো তথ্য একত্ৰিত কৰি জাৰি কৰা হয় AICPI-IW সূচকাংক।

২০২৫ বৰ্ষৰ মাৰ্চ মাহতেই 2.0 DA বৃদ্ধি পাই ১৪৩.০ পইণ্ট হৈছেগৈ। উল্লেখ্য যে, বিগত এমাহ ধৰি ACIPI-IW পইণ্ট নিম্নগামী হৈ আছে যদিও বৰ্তমান কিছু বৃদ্ধি পাইছে।

২০২৫ বৰ্ষৰ জুলাই মাহত পেঞ্চনাৰসকলৰ DA-DR প্ৰায় ৫৭.৯১ হোৱাৰ সম্ভাৱনা আছে।

কিন্তু সবিশেষ আগন্তুক ৩ মাহৰ সূচকাংকৰ ভিত্তিতহে নিৰ্ধাৰিত হ’ব। আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ DA আৰু দৰমহা বৃদ্ধিৰ লগতে AICPI-IWৰ সূচকাংক গড়ৰ ওপৰত নিৰ্ভৰ কৰিব।

Leave A Reply

Your email address will not be published.