জাপানক চেৰ পেলাই ভাৰতৰ অগ্ৰগতি

0 497

জাপানক নেওচি বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত ভাৰত। বৰ্তমান ৪.১৯ ট্ৰিনিয়ন ডলাৰ হৈছে ভাৰতীয় অৰ্থনীতি। আন্তৰ্জাতিক মুদ্ৰানিধিৰ প্ৰতিবেদন অনুসৰি এই কথা প্ৰকাশ কৰিছে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্ৰমণিয়মে।

নীতি আয়োগৰ বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি অৰ্থনীতিবিদ সুব্ৰমণিয়মে কয় যে, ‘বৰ্তমানৰ দৰে GDPৰ বিকাশৰ হাৰ অ’ব্যাহত থাকিলে ২০২৮ চনৰ ভিতৰত ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ’বলৈ সক্ষম হ’ব’।

তাৰোপৰি পৰি সুব্ৰমণিয়মে কয় যে- ‘পৰিকল্পনা অনুসৰি আমি দৃঢ় হৈ ৰ’লে ২,২.৫ নতুবা ৩ বছৰৰ ভিতৰত ভাৰতে তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ’বলৈ সক্ষম হ’ব’।

লগতে পঢ়ক: দীপিকাৰ ঠাইত তৃপ্তি, ‘স্পিৰিট’ৰ নায়িকা সলনি

শেহতীয়াকৈ আই এম এফৰ তথ্য অনুসৰি, বৰ্তমান ভাৰতৰ GDPৰ ৪.১৮৭ ট্ৰিনিয়ন ডলাৰ। আনহাতে জাপানৰ GDP হৈছে ৪.১৮৬ ডলাৰ। এই হিচাপ অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ GDP ভাৰততকৈ ৭ গুণ অধিক। আই এম এফৰ এপ্ৰিল মাহৰ বিশ্ব অৰ্থনৈতিক প্ৰতিবেদনত ভাৰতৰ অৰ্থনীতি ২০২৫ত ৬.২% আৰু ২০২৬ত ৬.৩ % হাৰত বৃদ্ধি পাব।

আই এফ ৰ তথ্য অনুসৰি, বৰ্তমানৰ নিৰিখত বিশ্বৰ শীৰ্ষ ১০ অৰ্থনীতি হ’ল- মাৰ্কিন যুক্তৰাষ্ট্ৰ (GDP ৩০.৫১ ট্ৰিনিয়ন ডলাৰ), চীন (১৯.২০ ট্ৰিনিয়ন ডলাৰ), জাৰ্মানী (৪.৭৪ ট্ৰিনিয়ন ডলাৰ), ভাৰত (৪.১৯ ট্ৰিনিয়ন ডলাৰ), জাপান (৪.১৯ ট্ৰিনিয়ন ডলাৰ), ইংলেণ্ড (৩.৮৪ ট্ৰিনিয়ন ডলাৰ), ফ্ৰান্স (৩.২১ ট্ৰিলিয়ন ডলাৰ), ইটালী (২.৪২ ট্ৰিনিয়ন ডলাৰ), কানাডা (২.২৩ ট্ৰিনিয়ন ডলাৰ), ব্ৰাজিল (২.১৩ ট্ৰিনিয়ন ডলাৰ)।

media school
Leave A Reply

Your email address will not be published.