বাংলাদেশী টাকাত শ্বেখ মজিবুৰৰ ফটোৰ সলনি হিন্দু মন্দিৰ, বৌদ্ধ বিহাৰ

0 715

ৰাজনৈতিক পট পৰিৱৰ্তনৰ লগে লগে বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ কাণ্ডাৰী শ্বেখ মজিবুৰ ৰহমানক সময়ে সময়ে অপমান কৰি অহা হৈছে। আনকি বাংলাদেশৰ টাকাৰ পৰাও আঁতৰাই পেলোৱা হৈছে শ্বেখ মজিবুৰৰ ফটো।

সেই স্থানত সন্নিবিষ্ট কৰা হৈছে হিন্দু মন্দিৰ আৰু বৌদ্ধ বিহাৰ সম্বলিত প্ৰাকৃতিক দৃশ্যাৱলী। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰিছে বাংলাদেশৰ মুখপাত্ৰ আৰিফ হুছেইনে।

নতুনকৈ মুকলি কৰা ভিন্ন নিৰিখৰ তিনিখন নোটত বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ কাণ্ডাৰীগৰাকীৰ ফটো বিলোপ কৰি হিন্দু মন্দিৰ আৰু বৌদ্ধ বিহাৰ আদিৰ ফটোক স্থান দিয়া হৈছে।

ইয়াৰোপৰি পৰৱৰ্তী সময়ত আৰু অন্যান্য নিৰিখৰ নোটত ভিন্ন প্ৰাকৃতিক দৃশ্যৰ লগতে অন্যান্য বিষয় সন্নিবিষ্ট কৰা হ’ব বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।

উল্লেখনীয় যে, অন্যান্য বিষয়সমূহৰ ভিতৰত ব্ৰিটিছ ঔপনিবেশিক আমোলত হোৱা মহামাৰী সম্পৰ্কীয় জয়নুল আবেদিন অংকীয় চিত্ৰয়ো স্থান লাভ কৰিব বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বেও খালেদা জিয়াৰ নেতৃত্বাধীন বাংলাদেশ নেচনেলিষ্ট পাৰ্টী ক্ষমতাত থকাৰ সময়তো দেশখনৰ টাকাৰ ভালেমান সংস্কাৰ সাধন কৰা হৈছিল।

লগতে পঢ়ক: ৰাজ্যৰ চৌদিশে বান বিভীষিকা, জনতাৰ মাজত হাহাকাৰ

media school
Leave A Reply

Your email address will not be published.