আপোনাৰ শিশুটিৰ ওজন কমিছে নেকি? ওজন বঢ়াবলৈ আপুনি কি কৰিব? ইয়াৰ বিষয়ে চিকিৎসকে কি কয়?
জন্মৰ কিছুসময় পিছতে নৱজাতকৰ ওজন থকাটো অতি আৱশ্যকীয়। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ডেৰ-দুই কিলোগ্ৰামতকৈ কম ওজনৰ নৱজাতকক জন্মৰ সময়ত ‘কম ওজনৰ শিশু’ বুলি কোৱা হয়।

জন্মৰ পিছতে ১ বছৰ বয়সলৈকে কোন মাহত ওজন কিমান হ’ব লাগে সেই বিষয়ে এটা ধাৰণা থকাটো গুৰুত্বপূৰ্ণ।
নৱজাতকৰ ওজন কম হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। প্ৰথমটো হ’ল যদি কেঁচুৱাটো অকালতে জন্ম হয়। গৰ্ভাৱস্থাৰ সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ২৮ৰ পৰা ৩৭ সপ্তাহৰ ভিতৰত যদি শিশু জন্ম হয় তেন্তে শিশুটোৰ ওজন স্বাভাৱিকতকৈ কম হয়।
আনহাতে আকৌ যদি গৰ্ভাৱস্থাত মাতৃয়ে কোনো শাৰীৰিক সমস্যা বা পুষ্টিহীনতাত ভুগে, তেনে কাৰণতো নৱজাতকৰ ওজন কম হ’ব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি নৱজাতকৰ ওজন । স্বাভাৱিকতে ২.৫ৰ পৰা ৩.৫ কিলোগ্ৰাম হ’ব লাগে। কিছুমান ক্ষেত্ৰত ওজন ৪.৫ কিলোগ্ৰাম পৰ্যন্তও হ’ব পাৰে। অৱশ্যে ল’ৰা আৰু ছোৱালীৰ ওজনৰ পাৰ্থক্য দেখা যায়।
যদি নৱজাতকটো ল’ৰা হয়, তেন্তে তেওঁৰ ওজন গড়ে ৩.৩ কিলোগ্ৰাম হ’ব লাগে, আৰু যদি ছোৱালী হয় তেন্তে ৩.২ কিলোগ্ৰাম হ’ব লাগে।
সাধাৰণতে জন্মৰ সময়ত ওজন এমাহত ৫০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰামলৈ বৃদ্ধি পায়, ছমাহত দুগুণ আৰু এবছৰত তিনিগুণ পৰ্যন্ত বৃদ্ধি পায়।
জন্মৰ প্ৰথম ৬ মাহলৈকে শিশুটিয়ে মাতৃৰ গাখীৰৰ পৰা পুষ্টি লাভ কৰে। যদি সেই সময়ত শিশুটিৰ ওজন স্বাভাৱিকতকৈ কম হয় বা শিশুটিৰ ওজন কমি গৈ থাকে তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাটো উচিত।
ইয়াৰ পিছত শিশুটি ক্ৰমান্বয়ে তৰল আৰু কঠিন খাদ্যৰ লগত অভ্যস্ত হৈ পৰে। উপযুক্ত পুষ্টিৰ বাবে শিশুৰ খাদ্যত প্ৰ’টিন, ভিটামিন, চৰ্বি, কাৰ্বহাইড্ৰেট আদি উপাদান থাকিব লাগে। শিশুক সকলো সময়তে সতেজ খাদ্য খুৱাব লাগে।
লগতে পঢ়ক: সন্ধিয়া ৬ বজাত ৰাতিৰ আহাৰ, ৯:৩০ বজাত গভীৰ নিদ্ৰাত! অভিনেত্ৰী কৰীনাৰ জীৱনত কি কি পৰিৱৰ্তন হ’ল?
জন্মৰ পৰা ১ বছৰলৈকে কোন মাহত কিমান ওজন থাকিব লাগে?
জন্মৰ সময়ত – ছোৱালীৰ ওজন ৩.২ কেজি, ল’ৰাৰ ওজন ৩.৩ কেজি হ’ব লাগে
জন্মৰ ১ মাহৰ পিছত – ছোৱালীৰ ওজন ৪.২ কেজি, ল’ৰাৰ ওজন ৪.৫ কেজি হ’ব লাগে
জন্মৰ ২ মাহৰ পিছত – ছোৱালীৰ ওজন ৫.১ কেজি, ল’ৰাৰ ওজন ৫.৬ কেজি হ’ব লাগে
জন্মৰ ৩ মাহৰ পিছত – ছোৱালীৰ ওজন ৫.৮ কেজি, ল’ৰাৰ ওজন ৬.৪ কেজি হ’ব লাগে
জন্মৰ ৪ মাহৰ পিছত – ছোৱালীৰ ওজন ৬.৪ কেজি, ল’ৰাৰ ওজন ৭ কেজি হ’ব লাগে
জন্মৰ ৫ মাহৰ পিছত – ছোৱালীৰ ওজন প্ৰায় ৬.৯ কেজি, ল’ৰাৰ ৭.৫ কিলোগ্ৰাম হ’ব লাগে
জন্মৰ ৬ মাহৰ পিছত – ছোৱালীৰ ওজন প্ৰায় ৭.৩ কেজি, ল’ৰাৰ ৭.৯ কিলোগ্ৰাম হ’ব লাগে
জন্মৰ ৭ মাহৰ পিছত – ছোৱালীৰ ওজন ৭.৬ কেজি, ল’ৰাৰ ওজন ৮.৩ কেজি হ’ব লাগে
জন্মৰ ৮ মাহৰ পিছত – ছোৱালীৰ ওজন ৭.৯ কেজি, ল’ৰাৰ ওজন ৮.৬ কেজি হ’ব লাগে
জন্মৰ ৯ মাহৰ পিছত – ছোৱালীৰ ওজন ৮.২ কেজি, ল’ৰাৰ ওজন ৮.৯ কেজি হ’ব লাগে
জন্মৰ ১০ মাহৰ পিছত— ছোৱালী হ’লে ওজন প্ৰায় ৮.৫ কেজি, ল’ৰাৰ ৯.২ কেজি হ’ব লাগে
জন্মৰ ১১ মাহৰ পাছত – ছোৱালীৰ ওজন ৮.৭ কেজি, ল’ৰাৰ ওজন ৯.৪ কেজি হ’ব লাগে
জন্মৰ ১২ মাহৰ পিছত – ছোৱালীৰ ওজন ৮.৯ কেজি, ল’ৰাৰ ওজন ৯.৬ কেজি হ’ব লাগে