সন্ধিয়া ৬ বজাত ৰাতিৰ আহাৰ, ৯:৩০ বজাত গভীৰ নিদ্ৰাত! অভিনেত্ৰী কৰীনাৰ জীৱনত কি কি পৰিৱৰ্তন হ’ল?

0 483

বৰ্তমান সময়তো জনপ্ৰিয়তা কমা নাই অভিনেত্ৰী কৰীনা কাপুৰৰ। ৪৪ বছৰ বয়সতো কৰীনাই ফিট আৰু সৌন্দৰ্য বৰ্তাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে।

দুই সন্তানৰ মাতৃ হোৱাৰ পিছতো কৰীনাৰ গ্লেমাৰ হ্ৰাস পোৱা নাই। শেহতীয়াকৈ কৰীনাই দৈনন্দিন জীৱন-যাপন আৰু জীৱনশৈলীত কেইবাটাও নিয়ম সালসলনি কৰিছে।

এক সাক্ষাৎকাৰত কৰীনাই উল্লেখ কৰিছিল যে, তেওঁ সূৰ্যোদয়ৰ পূৰ্বেই সাৰ পায়। তাৰ পিছতেই ব্যায়ামৰ দ্বাৰা তেওঁৰ দিনটোৰ আৰম্ভণি হয়।”

দিনটোৰ অন্তত ৬ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰে অভিনেত্ৰী কৰীনাই। বৰ্তমান বলীউড পাৰ্টীৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে অভিনেত্ৰী কৰীনাই।

এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে, “মোৰ নতুন ৰুটিনৰ কথা বন্ধু-বান্ধবীসকলেও জানে। আৰু তেওঁলোকে মোৰ এই সিন্ধান্তক পূৰ্ণ সমৰ্থন জনাইছে।”

লগতে পঢ়ক: বাংলাদেশী টাকাত শ্বেখ মজিবুৰৰ ফটোৰ সলনি হিন্দু মন্দিৰ, বৌদ্ধ বিহাৰ

কৰীনাই মাজে মাজে নিজৰ শাৰীৰিক ব্যায়ামৰ আভাস তেওঁৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰে। অভিনেত্ৰীগৰাকীয়ে মূলতঃ ঘৰতে প্ৰশিক্ষকৰ নিৰ্দেশনাত ব্যায়াম কৰে। ব্যায়াম সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে, “ব্যায়াম নকৰিলে মোৰ মগজু বেয়া হৈ যায়। মহামাৰীৰ পিছৰে পৰা ব্যায়ামৰ গুৰুত্ব বুজি পাইছো। ব্যায়াম মোৰ জীৱনৰ মেৰুদণ্ড।”

media school
Leave A Reply

Your email address will not be published.