বিশ্বজুৰি জন্মৰ হাৰ হ্ৰাস পাইছে! এই তালিকাত আছে ভাৰতবৰ্ষও

0 381

পাঁচ দশক অতিক্ৰম কৰিলে ‘হাম ডো হামাৰে ডো’ নীতিয়ে। বৰ্তমানৰ সময়ছোৱাত সামাজিক জীৱনৰ বহু পৰিৱৰ্তন ঘটিছে। পৰিয়াল গঠনৰ ক্ষেত্ৰত দম্পতীসকলৰ মাজত নতুন নতুন চিন্তাধাৰাৰ উন্মেষ ঘটিছে।

এতিয়া সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত দম্পত্তিসকল পূৰ্বৰ নীতিৰ পৰা কিছু আঁতৰি আহিছে।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধি (UNFPA)ৰ এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি বৰ্তমান বিশ্বৰ কোটি কোটি লোকে নিজৰ ইচ্ছামতে সন্তান জন্ম দিব পৰা নাই।

১৪খন দেশৰ ১৪ হাজাৰ মহিলাৰ ওপৰত অধ্যয়ন কৰিছে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধিয়ে।

যিটো অধ্যয়নত মূলতঃ বিশ্বৰ অৰ্থনৈতিকভাৱে উন্নত আৰু পিছপৰা দেশ (ভাৰত, আমেৰিকা, দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইটালী, হাংগেৰী, জাৰ্মানী, ছুইডেন, ব্ৰাজিল, মেক্সিকো, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, মৰক্কো আৰু নাইজেৰিয়া)ৰ লোকসকলৰ মতামতক গুৰুত্ব দিয়া হৈছে।

বিশ্বত জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে বুলি এই অধ্যয়নত দাবী কৰা হৈছে। ইয়াৰ আঁৰত একাধিক কাৰণ আছে। যেনে-

১) আৰ্থিক দুৰ্বলতা বৰ্তমান সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত অন্যতম প্রধান বাধা হৈ পৰিছে৷প্ৰ তি ১০ জনৰ ভিতৰত প্ৰায় ৪ জনে উল্লেখ কৰে যে, আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে তেওঁলোকে ইচ্ছামতে পৰিয়াল গঠন কৰাত অসমৰ্থ।

২) চাকৰিৰ অসুৰক্ষিততা , ঘৰুৱা খৰচ, শিশুৰ যত্নৰ অভাৱ পিতৃ-মাতৃসকলক চিন্তিত কৰি তুলিছে।

৩) পিতৃ-মাতৃৰ স্বাস্থ্যৰ অৱনতি, মহিলাৰ বন্ধ্যাত্ব আৰু গৰ্ভাৱস্থাৰ সৈতে জড়িত চিকিৎসা সুবিধাৰ অভাৱে সন্তান জন্ম দিয়াটো অধিক কঠিন কৰি তুলিছে।

৪) ৰাজনৈতিক, সামাজিক আৰু ভৱিষ্যতৰ অনিশ্চয়তাৰ বাবে বহুতে সন্তান জন্ম দিবলৈ নিবিচাৰে বুলি তথ্য অনুসৰি প্ৰকাশ পাইছে।

৫) সমীক্ষাত অংশগ্ৰহণ কৰা ১৯ শতাংশ লোকে কেৱল নিজৰ সংগী বা পৰিয়ালৰ হেঁচাত নিজ ইচ্ছামতে সন্তান জন্ম দিব নোৱাৰে বুলি প্ৰকাশ পাইছে।

ইউএনএফপিএৰ মুখপাত্ৰ আন্দ্ৰেয়া এম ৱ’জনাৰে কয় যে, “প্ৰজননৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি উল্লেখযোগ্য।”

“১৯৭০ চনত প্ৰতিগৰাকী মহিলাৰ ৫টাকৈ সন্তান আছিল, কিন্তু বৰ্তমান ২টালৈ সন্তানৰ সংখ্যা হ্ৰাস পাইছে।মানুহৰ গড় আয়ুস এতিয়া বৃদ্ধি পাইছে যদিও কিন্তু ৰাষ্ট্ৰ, জাতি আৰু সম্প্ৰদায়ৰ মাজত সামাজিক বৈষম্য লক্ষ্যণীয় হৈ পৰিছে।”

লগতে পঢ়ক: কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ বিয়োগ। হঠাৎ কেনেকৈ মৃত্যুক আকোৱালি ল’লে সঞ্জয়ে?

media school
Leave A Reply

Your email address will not be published.