অৱশেষত চিনাক্ত হ’ল বিজয় ৰূপানীৰ মৃতদেহ! দুৰ্ঘটনাৰ তিনিদিন পিছত চিনাক্ত মৃতদেহ

0 170

আহমেদাবাদৰ ভয়ংকৰ দুৰ্ঘটনাৰ আজি তৃতীয়টো দিন। তিনিদিনৰ অন্তত DNA পৰীক্ষাৰ দ্বাৰা চিনাক্ত কৰা হ’ল দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ।

মৃতদেহ চিনাক্তকৰণৰ বাবে পৰিয়ালৰ সদস্যৰ পৰা DNAৰ নমুনা সংগ্ৰহ কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই। পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে হাস্পতালৰ পৰা স্বগৃহলৈ লৈ যোৱা হয় ৰূপানীৰ মৃতদেহ।

১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন গেটৱিক অভিমুখী বিমানত যাত্ৰা আৰম্ভ কৰিছিল বিজয় ৰূপানীয়ে। কিন্তু ৰাণৱেৰ পৰা ওলাই অহাৰ মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে দুৰ্ঘটনাত পতিত হয় এয়াৰ ইণ্ডিয়াৰ বিমানখন।

এটা অট্টালিকাত খুন্দা মৰাৰ ফলত জুইৰ লেলিহান শিখাই আৱৰি ধৰাত বিস্ফোৰিত হয় বিমানখন। এয়াৰ ইণ্ডিয়াৰ AI171 নম্বৰৰ বিমানখনত আছিল বিজয় ৰূপানীসহ মুঠ ২৪২ গৰাকী যাত্ৰী।

তাৰ ভিতৰত মৃত্যুক আকোঁৱালি লয় ২৪১ গৰাকী যাত্ৰীয়ে। চৰকাৰৰ তথ্য অনুসৰি দুৰ্ঘটনাটোত মৃত্যুক আকোঁৱালি লয় মুঠ ২৭০ গৰাকী লোকে ।

এই পৰ্যন্ত আহমেদাবাদত DNA পৰীক্ষাৰ দ্বাৰা মুঠ ৩২টা মৃতদেহ চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত ১৪টা মৃতদেহ পৰিয়ালক গতাই দিয়া বুলি তথ্য অনুসৰি জানিব পৰা গৈছে। মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ বাবে ২৩০টা দল গঠন কৰা হৈছে।

লগতে পঢ়ক: বিশ্বজুৰি জন্মৰ হাৰ হ্ৰাস পাইছে! এই তালিকাত আছে ভাৰতবৰ্ষও

Leave A Reply

Your email address will not be published.