১০ গৰাকী অসমীয়া শ্ৰমিকৰ জীৱনক লৈ হেতালি! এফালে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত ONGCৰ বিৰিয়ানী পাৰ্টী!

0 496

এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত শিৱসাগৰৰ ভটীয়াপাৰৰ ONGCৰ ৰীগ বিস্ফোৰণস্থলী। কোনো ধৰণৰ ব্যৱস্থা নোলোৱাক লৈ ONGCৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।

অহৰহ গতিত নিৰ্গত গেছক লৈ অঞ্চলজুৰি আতংক।

তাৰ মাজতে অসমীয়াৰ জীৱনক লৈ ONGCৰ কৰ্তৃপক্ষৰ হেতালি। ভটীয়াপাৰৰ বিস্ফোৰিত ৰীগত নিয়োগ হাজিৰা শ্ৰমিকক। ১০ গৰাকী অসমীয়া শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলিছে ONGCৰ কৰ্তৃপক্ষই। কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ ৰীগত কৰ্মৰত হাজিৰা শ্ৰমিক।

খালি ভৰি, হাফ পেন্ট, হেলমেট বিহীন ভাৱেই উতকট গৰমক নেওঁচি বিস্ফোৰণস্থলীত কাম কৰিছে অসমীয়া শ্ৰমিকে। খাবলৈ দিয়া নাই এবটল পানীবটলো। নাই প্ৰচণ্ড গেছ নিগৰ্মণৰ শব্দ প্ৰতিৰোধী সঁজুলিও।

তাৰ বিপৰীতে ONGCৰ একাংশ অনা অসমীয়া শ্ৰমিকৰ বিলাসীতা। শীত-তাপ নিয়ন্ত্ৰিত বেৰেকত নিগমৰ অনা-অসমীয়া বিষয়াই খাইছে বিৰিয়ানি।

কাণত লগাইছে শব্দ প্ৰতিৰোধী আধুনিক যন্ত্ৰ ৷ মূৰত পৰিধান কৰিছে হেলমেট, ভৰিত বুট, শৰীৰত ডাঙৰী৷

বৰ্তমান অসমীয়া ১০ জন শ্ৰমিকৰ জীৱনক লৈ ONGCৰ কৰ্তৃপক্ষই হেতালি খেলাৰ ঘটনাই ভটীয়াপাৰৰ বাৰীচুকত নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: অৱশেষত চিনাক্ত হ’ল বিজয় ৰূপানীৰ মৃতদেহ! দুৰ্ঘটনাৰ তিনিদিন পিছত চিনাক্ত মৃতদেহ

media school
Leave A Reply

Your email address will not be published.