বাৰে বাৰে আপোনাৰ ফোনৰ ষ্ট’ৰেজ ভৰ্তি হৈ যায় নেকি? সহজ পদ্ধতিৰে কৰক এই সমস্যাৰ স্থায়ী সমাধান!

0 340

আপোনাৰ ফোনটোলৈ বাৰে বাৰে ষ্ট’ৰেজ ভৰ্তিৰ মেচেজ আহিছে নেকি? এই সমস্যাৰ বাবে আপুনি বিৰক্তি অনুভৱ কৰিছে নেকি? এই সমস্যাৰ সমাধান কেনেকৈ কৰিব? আপোনাৰ ফোনটোত কিছু ছেটিংছ সলনি কৰিলে লাভ কৰিব এই সমস্যাৰ স্থায়ী সমাধান।

বৰ্তমান সময়ত সকলোৱে স্মাৰ্ট ফোন ব্যৱহাৰ কৰে। য’ত সকলোৱে বহু ফটো, ভিডিঅ’, এপ আৰু বহু জৰুৰী ফাইল ৰাখে।

কিন্তু এটা সময়ত ফোনটোৰ ষ্ট’ৰেজ ভৰ্তি হৈ যায় আৰু তাৰ পিছত ফোনটো লেহেমীয়া গতিত চলিবলৈ আৰম্ভ কৰে। যাৰ বাবে ফোনটোত নতুন কিবা এটা ডাউনলোড কৰাটো কঠিন হৈ পৰে।

সহজ উপায় ব্যৱহাৰ কৰি আপোনাৰ ফোনটোৰ ষ্ট’ৰেজ ভৰ্তি হোৱাত বাধা দিব পাৰে।

অপ্ৰয়োজনীয় এপসমূহ ডিলিট কৰক

বহু সময়ত আমি এনে এপ ডাউনলোড কৰো যিবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ চোৱা নাযায়। আপুনি গেম, শ্বপিং এপ বা ট্ৰাইল এপসমূহ ডিলিট কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে আপুনি ফোনটোকৰ চেটিংছত হৈ এপছ’ত গৈ কোনটো এপে কিমান ষ্ট’ৰেজ লৈছে চাব লাগিব।

তাৰোপৰি বেকগ্ৰাউণ্ডত চলি থকা এপসমূহ বন্ধ কৰক। কেতিয়াবা কিছুমান এপ বেকগ্ৰাউণ্ডত অন হৈ থাকে, যাৰ বাবে বেটাৰীত প্ৰভাৱ পৰে।

Google Photosত ফটো আৰু ভিডিঅ’ চেভ কৰক

ফোনটোৰ গেলেৰীয়ে সৰ্বাধিক ঠাই দখল কৰে। আপুনি আপোনাৰ ফটো, ভিডিঅ’ বেকআপ কৰক আৰু তাৰ পিছত ফোনৰ পৰা ডিলিট কৰক। ইয়াৰ ফলত আপোনাৰ ফোনটো ষ্ট’ৰেজ মুক্ত হ’ব।

Files By Googleৰ সহায়ত স্মাৰ্ট ক্লিনিং কৰক। ইয়াৰ ফলত ষ্ট’ৰেজ খালী হোৱাৰ লগতে ফোনটোৰ গতিও বৃদ্ধি হ’ব।

প্ৰতি সপ্তাহতে Cache পৰিষ্কাৰ কৰক

যেতিয়াই এপ ব্যৱহাৰ কৰা হয়, তেতিয়াই ই তথ্যৰ Cache সংৰক্ষণ কৰে। ই আপোনাৰ ফোনত ষ্ট’ৰেজ ভৰ্তি কৰে। ইয়াৰ ষ্ট’ৰেজ ক্লিয়াৰ কৰিবৰ বাবে Settings লৈ গৈ Storage বিকল্পত ক্লিক কৰক।

তাৰ পিছত আপুনি Chached Data ৰ বিকল্প দেখিব। Clear Cacheত ক্লিক কৰি সকলো Cache ক্লিয়াৰ কৰক।

ফোনটো ৰিষ্টাৰ্ট কৰক আৰু অটো-ক্লিনিং অন কৰি ৰাখক

কেতিয়াবা ফোনটো দীঘলীয়া সময় ৰিষ্টাৰ্ট নকৰিলেও পাৰফৰমেন্সৰ অৱনতি ঘটে। সপ্তাহত এবাৰ ফোনটো বন্ধ কৰি আকৌ অন কৰক। ইয়াৰ বাবে ছেটিংছলৈ যাওঁক আৰু Storage Management বা Smart Cleaningৰ দৰে ফিচাৰসমূহ অন ৰাখক।

লগতে পঢ়ক: হঠাৎ ৰক্তচাপ বৃদ্ধি পাইছে নেকি? ইয়াৰ বাবে আপুনি কি কৰিব?

media school
Leave A Reply

Your email address will not be published.