জল সংকটত পাকিস্তান! ভাৰতে সলনি কৰিব নেকি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত?
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পিছতে পাকিস্তানৰ সৈতে সিন্ধু জলচু্ক্তি স্থগিত ৰাখিছিল ভাৰতে।

‘তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে’ বুলি কেন্দ্ৰৰ তৰফৰ পৰা মন্তব্য কৰিছিল। যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰি থাকিব তেতিয়ালৈকে সিন্ধুৰ পানী এৰি দিয়া নহ’ব বুলি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ভাৰতে।
তেতিয়াৰে পৰা সিন্ধুৰ এটোপাল পানীও লাভ কৰা নাই পাকিস্তানে। এই সন্ধি স্থগিত ৰখাৰ পিছৰে পৰা জল সংকটৰ সন্মুখীন হৈছে পাকিস্তানৰ জনতাই। পানী বিচাৰি ইখনৰ পিছত সিখন চিঠি ভাৰতলৈ প্ৰেৰণ কৰিছে পাকিস্তানে।
ভাৰতে নিজৰ সিন্ধান্ত সলনি কৰিব নেকি? বৃহস্পতিবাৰে এই সন্দৰ্ভত জলজল পটপটকৈ স্পষ্টীকৰণ দাঙি ধৰে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে।
তেওঁ কয় যে, ‘পাকিস্তানে যিমানে চিঠি নপঠিয়াওক কি ভাৰতে কেতিয়াও নিজৰ স্থিতি সলনি নকৰে।’
শেহতীয়াকৈ ভাৰতক সিন্ধু জল সন্ধি স্থগিত ৰখাৰ বাবে ভাবুকি প্ৰদান কৰিছিল পাকিস্তানৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বিলাওয়াল ভুট্টোৱে। সেই ভাবুকিৰ উত্তৰত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ‘পানী ক’লৈকো নাযায়।’
‘তেওঁ কি কৈছে সেয়া তেওঁৰ কথা, আমি এই ভাবুকিলৈ ভয় কৰা নকৰোঁ। ভাৰতে চৰকাৰে লোৱা সিদ্ধান্ত দেশৰ বাবে লাভজনক হ’ব’।
লগতে পঢ়ক: বাৰে বাৰে আপোনাৰ ফোনৰ ষ্ট’ৰেজ ভৰ্তি হৈ যায় নেকি? সহজ পদ্ধতিৰে কৰক এই সমস্যাৰ স্থায়ী সমাধান!


