মৃত্যুৰ পূৰ্বে শেফালীয়ে স্বামীক ইংগিত দিছিল! কিন্তু বহু হেঁপাহ মনত সাঁচিয়ে অজান দেশলৈ ঢাপলি মেলিলে শ্বেফালীয়ে

0 559

মাত্ৰ ৪২ বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি ল’লে ‘কাটা লগা’ খ্যাত জনপ্ৰিয় অভিনেত্ৰী শ্বেফালী জাৰিৱালাই।

অৱশ্যে মৃত্যুৰ পাঁচ ঘণ্টা পূৰ্বে নিজৰ পোহনীয়া জন্তুটোৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল অভিনেত্ৰীগৰাকী। অকাল মৃত্যুৰ বাবে শ্বেফালিৰ এই অভিযান আধৰুৱা হৈয়েই থাকিল।

২০১৪ চনত অভিনেতা পৰাগ ত্যাগীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল শ্বেফালী। বিবাহৰ প্ৰায় ১১ বছৰলৈকে সন্তানহীন হৈ আছিল দম্পত্তিহাল। তথ্য অনুসৰি, এটা সন্তান দত্তক ল’ব বিচাৰিছিল অভিনেত্ৰী শ্বেফালীয়ে।

ঘৰলৈ এগৰাকী কন্যা আনিব বিচাৰিছিল শ্বেফালীয়ে। এটা পুৰণি সাক্ষাৎকাৰত শ্বেফালীয়ে এই কথা প্ৰকাশ পাইছিল।

প্ৰথম অৱস্থাত স্বামী পৰাগে তেওঁৰ ইচ্ছা, মানসিক যন্ত্ৰণা বুজিব পৰা নাছিল। কিন্তু পিছত পৰাগে নিজেই এটা সন্তান দত্তক ল’ব বিচাৰিছিল।

শ্বেফালীয়ে কয় যে, “সন্তান দত্তক ল’বলৈ হ’লে স্বামী-স্ত্ৰী দুয়োৰে সন্মতি প্ৰয়োজন। প্ৰথমতে পৰাগে মোৰ মনটোক বুজি নাছিল। মই সদায় এগৰাকী কন্যা সন্তান ঘৰলৈ অহাটো বিচাৰিছিলোঁ। “

যিদিনা শ্বেফালী-পৰাগে একমতত উপনীত হৈ শিশু দত্তক লোৱাৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেই সময়ত সমগ্ৰ বিশ্বজুৰি কৰ’না মহামাৰী আৰম্ভ হৈছিল। যাৰ বাবে দত্তক লোৱা প্ৰক্ৰিয়াটো দীঘলীয়া হৈ পৰিছিল। গতিকে মনৰ ইচ্ছা মনতে ৰাখি অচিন দেশলৈ গুচি গ’ল অভিনেত্ৰীগৰাকী।

লগতে পঢ়ক: জল সংকটত পাকিস্তান! ভাৰতে সলনি কৰিব নেকি সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত?

media school
Leave A Reply

Your email address will not be published.