ভয়াৱহ দুৰ্ঘটনা! দলং ভাঙি নৈত পৰিল কেইবাখনো বাহন, মৃত্যু ১০ জনৰ, আহত কেইবাগৰাকীও!

0 443

বুধবাৰে দেশত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। নৈৰ ওপৰত থকা দলং ভাঙি মৃত্যুক আঁকোৱালি লয় ১০ জনকৈ লোকে। লগতে আহত হয় ৩ জনকৈ লোক।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত লগে লগে আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। অৱশ্যে এই ঘটনাত কিমানজন লোক নৈৰ পৰিছে সেই বিষয়ে পোহৰলৈ অহা নাই সঠিক তথ্য।

গুজৰাটত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাতো। পাদ্ৰাত বদোদৰা আৰু আনন্দ সংযোগী মহিসাগৰ নৈৰ ওপৰত নিৰ্মিত গম্ভীৰা দলং খহি পৰাৰ ফলত মৃত্যুক আঁকোৱালি লয় প্ৰায় ১০ জনকৈ লোকে।

তথ্য অনুসৰি, নদীত উটি যায় দুখন ট্ৰাক, চাৰিচকীয়া, দুচকীয়া বাহনকে ধৰি মুঠ ৫ খনকৈ বাহন। উল্লেখ্য যে, নদীত পৰি যোৱা লোকক উদ্ধাৰৰ বাবে ডুবাৰুৰ সহায়ত চলোৱা হয় অনুসন্ধান।

প্ৰাপ্ত তথ্য অনুসৰি, টোল টেক্সৰ পৰা হাত সাৰিবলৈ সৌৰাষ্ট্ৰৰ পৰা অহা ডাঙৰ ডাঙৰ বাহনসমূহে এই দলংখন ব্যৱহাৰ কৰে।

প্ৰায় ৪৩ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই দলংখন। উল্লেখ্য যে, গম্ভীৰা দলঙক ছুইচাইড পইণ্ট বুলিও জনা যায়।

দলংখনৰ মেৰামতিৰ বাবে অনুমোদন লাভ কৰিছিল যদিও বৰ্তমান পৰ্যন্ত আৰম্ভ নহ’ল মেৰামতিৰ কাম। ইয়াৰ বিপৰীতে নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

লগতে পঢ়ক: তীব্ৰ জল সংকট! হিমাচল প্ৰদেশত ধাৰাবাহিক প্ৰাকৃতিক দুৰ্যোগ! হিমাচলত ৰুষ্ট প্ৰকৃতি!

media school
Leave A Reply

Your email address will not be published.