মূল্য ৪৫ লাখ টকা! বিয়াত সবাতোকৈ দামী উপহাৰ লাভ কৰিছিল ঐশ্বৰ্য ৰায়ে? জানিলে আপুনিও আঁচৰিত হ’ব?

0 300

কিছুদিন পূৰ্বে বিবাহ বিচ্ছেদৰ বাবে চৰ্চাত আহিছিল বলীউদৰ জনপ্ৰিয় দম্পতি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন।

দুয়োৰে সম্পৰ্কত ফাঁট মেলিছে বুলি অনুৰাগীসকলে মন্তব্য কৰিছিল যদিও আজি পৰ্যন্ত এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে অভিষেক আৰু ঐশ্বৰ্যই। এসময়ত দুয়োৰে বিবাহে যথেষ্ট চৰ্চা লাভ কৰিছিল। বিয়ালৈ বহু হাই প্ৰফাইল অতিথি আহিছিল আৰু তেওঁলোকক বহু দামী দামী উপহাৰ দিছিল।

কিন্তু বিয়াত ঐশ্বৰ্য ৰায়ে লাভ কৰা সবাতোকৈ দামী উপহাৰটো কি আছিল আপুনি জানেনে? উপহাৰটো আছিল ঐশ্বৰ্য ৰায়ে ডিঙিত পিন্ধি থকা মংগলসূত্ৰডাল।

বিবাহৰ দিনটোত জয়া-অমিতাভে হীৰা খোদিত মংগলসূত্ৰডাল তেওঁলোকৰ বোৱাৰী অৰ্থাৎ ঐশ্বৰ্যক প্ৰদান কৰিছিল।

তথ্য অনুসৰি, সেই সময়ত মংগলসূত্ৰডালৰ মূল্য আছিল ৪৫ লাখ টকা। বিয়াৰ পিছত কেইবাবছৰ ধৰি বিভিন্ন অনুষ্ঠানত সেই মংগলসূত্ৰডাল পৰিধান কৰা পৰিলক্ষিত হৈছিল।

উল্লেখ্য যে, অভিষেক আৰু ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি যেতিয়া তুংগত উঠিছিল, সেই সময়ত তেওঁ কন্যা আৰাধ্যাৰ সৈতে পেৰিছ ফেশ্বন উইকত উপস্থিত হৈছিল। তেতিয়া তেওঁৰ ডিঙিত পৰিলক্ষিত হৈছিল হীৰাৰে আবৃত্ত মংগলসূত্ৰডাল।

লগতে পঢ়ক : মূল্য ৪৫ লাখ টকা! বিয়াত সবাতোকৈ দামী উপহাৰ লাভ কৰিছিল ঐশ্বৰ্য ৰায়ে? জানিলে আপুনিও আঁচৰিত হ’ব?

media school
Leave A Reply

Your email address will not be published.