বিবাহৰ ১১ টা বসন্ত পাৰ হ’ল। কিন্তু আজিপৰ্যন্ত পিতৃত্বৰ সুখ নাপালে বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে। কিন্তু কিয়?
১১ বছৰ পূৰ্বে প্ৰিয়া ৰুঞ্চালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বলীউড অভিনেতা জন আব্ৰাহাম। কিন্তু বিবাহৰ ইমানকেইটা বৰ্ষ গৰকাৰ পিছতো কিয় সন্তানৰ কথা চিন্তা কৰা নাই দম্পত্তিহালে।

শেহতীয়াকৈ আগন্তুক প্ৰজেক্টৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেতা জন আব্ৰাহামে। বৰ্তমান ৰোহিত শ্বেট্টীৰ সৈতে কাম কৰি আছে অভিনেতাজনে।
জন আৰু পত্নী প্ৰিয়াই জীৱনটো সহজ-সৰলভাৱে কটায়। যেতিয়া জনক পৰিয়ালৰ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ এই সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰিছিল যে, তেওঁৰ সমগ্ৰ মনোযোগ বৰ্তমান কামৰ ওপৰত আছে। তেওঁ কয়, “এতিয়া মই কেৱল মোৰ কৰ্মক্ষেত্ৰ ঠিকে ৰখাত মনোনিৱেশ কৰিছোঁ।”
লগতে তেওঁ কয় যে, মোৰ এটা ফুটবল টীম আছে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি, গতিকে মোৰ মনত সেইটোৱেই একমাত্ৰ চিন্তা আৰু মোৰ এটা নিজাকৈ প্ৰডাকচন হাউচো আছে।
বৰ্তমান মোৰ জীৱনত বহুত ঘটনা ঘটি আছে, যিবোৰে বহু সময় লৈছে। এবাৰ সকলোবোৰ ঠিক হ’লে সকলোবোৰ সঠিক কৰাৰ চেষ্টা কৰিম।
তাৰোপৰি তেওঁ কয় যে, “মই ভাবো যে, যেতিয়া আপুনি এজন সক্ৰিয় অভিভাৱক হ’বলৈ সাজু হ’ব, তেতিয়াহে সন্তান জন্ম দিব লাগে। অন্যথা সন্তান জন্ম দিয়াটো উচিত নহয়”।
লগতে পঢ়ক: মূল্য ৪৫ লাখ টকা! বিয়াত সবাতোকৈ দামী উপহাৰ লাভ কৰিছিল ঐশ্বৰ্য ৰায়ে? জানিলে আপুনিও আঁচৰিত হ’ব?


