বিদ্যুৎ বিহীন এখন ফেন! বিদ্যুৎ নোহোৱাকৈয়ে হাত আৰু ভৰিৰে চলাব পাৰে ফেনখন!

0 347

গৰমত বিদ্যুৎৰ বিলে আপোনাক জুৰুলা কৰিছে নেকি? নতুবা আপোনাৰ অঞ্চলত বিদ্যুৎ সংযোগ নাই নেকি? এনেধৰণৰ সমস্যাৰ পৰা আপুনি পাব পাৰিব পৰিত্ৰাণ। অসমীয়াত এষাৰ প্ৰবচন আছে অভাৱেই আৱিস্কাৰৰ মূল।

সেই কথাকেই প্ৰমাণ কৰি দেখুৱালে এজন ব্যক্তিয়ে। নাজিৰাৰ এজন ব্যক্তিয়ে তৈয়াৰ কৰি উলিয়াইছে বিদ্যুৎ বিহীন এখন বিশেষ ফেন। বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে উৎকট গৰমৰ পৰা সকাহ প্ৰদান কৰিব ফেনখনে।

নাজিৰাৰ হাতীপটি মিচিং গাঁৱৰ বলীন শৰ্মাৰ সফল প্ৰচেষ্টা। বিদ্যুৎ সংযোগ নকৰাকৈ চলাব পৰা এখন বিশেষ ফেন সাজি উলিয়াইছে নাজিৰাৰ হাতীপটি মিছিং গাঁ‌ৱৰ বলীন শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে।

প্ৰায় ডেৰ বছৰ ধৰি চলোৱা অপ্ৰাণ চেষ্টাৰ অন্তত সাজি উলিয়াবলৈ সক্ষম হৈছে বিদ্যুৎ বিহীন বিশেষ ফেনখন। উল্লেখ্য যে, এই ফেনখনৰ পৰা পোৱা যাব বিশেষকৈ দুটাকৈ উপকাৰিতা।

প্ৰথমটো হৈছে বিদ্যুৎ ব্যয়ৰ পৰা কিছু সকাহ লাভ কৰিব আৰু আনটো হৈছে ব্যায়ামৰ পৰা শৰীৰ সুস্থ থাকিব। হাতীপটি মিচিং গাঁ‌ৱত পূৰ্বে নাছিল বিদ্যুৎ সংযোগ। যাৰ বাবে গৰমৰ প্ৰকোপৰ পৰা সকাহ পাবলৈ বলীন শৰ্মাই নিজৰ পৰিকল্পনাৰে কাঠ আৰু চাইকেলৰ পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছিল ফেনখন।

লগতে পঢ়ক: “যোগ্যতা, অৰ্হতা আৰু মেধাৰভিত্তিত নিযুক্তিৰ ব্যৱস্থাই হৈছে বিজেপিৰ লক্ষ্য”

media school
Leave A Reply

Your email address will not be published.