ৰাজপথলৈ বাহনখন ওলিয়াই নিয়াৰ পূ্ৰ্বে সাৱধান! বিপদত পৰিব পাৰে আপুনি!

0 494

ৰাজপথলৈ আপোনাৰ বাহনখন ওলিয়াই নিওতে সাৱধান হওঁক। অন্যথা যিকোনো মূহূৰ্ততে আপুনি বিপদত পৰিব পাৰে। লগতে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা। তাৰোপৰি জে’ল পৰ্যন্ত খাটিব লগা হ’ব পাৰে।

যান-বাহনৰ গৰাকীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। যান-বাহনক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। সুৰাপান কৰি গাড়ী চলালেই ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা, লগতে ৬ মাহ পৰ্যন্ত খাটিব লাগিব জে’ল।

আকৌ সেই ভুলৰ পুনৰাবৃত্তি কৰিলে ১৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে খাটিব লাগিব ২ বছৰ পৰ্যন্ত জে’ল।

সমান্তৰালভাৱে হেলমেট পৰিধান নকৰাকৈ গাড়ী চলালে ১০০০ টকাৰ জৰিমনা বিহাৰ লগতে ৩ মাহলৈ বাতিল কৰা হ’ব লাইচেন্স। চিটবেল্ট পৰিধান নকৰাকৈ গাড়ী চলালে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।

লগতে মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে ভৰিব লাগিব ৫০০০ টকা জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালেও বিহা হ’ব ৫০০০ টকাৰ জৰিমনা।

দুচকীয়া বাহনত ৩ জন লোক উঠিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে ২০০০ টকা জৰিমনা বিহাৰ লগতে দিয়া হ’ব ৩ মাহৰ কাৰাদণ্ড।

উল্লেখ্য যে, বাৰে বাৰে তেনে ভুলৰ পুনৰাবৃত্তি কৰিলে বিহা হব ৪ হাজাৰ টকাৰ জৰিমনা। প্ৰদূষণ প্ৰমান পত্ৰ নোহোৱাকৈ গাড়ী চলালে ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে দিয়া হ’ব ৬ মাহৰ জে’ল।

জৰুৰীকালীন বাহনক বাট মুকলি কৰি নিদিলে বিহা হ’ব ১০ হাজাৰ টকাৰ জৰিমনা। শেহতীয়াকৈ বিপজ্জনকভাৱে গাড়ী চলালে ভৰিব লাগিব ৫০০০ টকাৰ জৰিমনা। ৰাজহুৱা পথত ষ্টান্ড বা ৰেচিং কৰিলেও ভৰিব লাগিব ৫০০০ টকাৰ জৰিমনা।

সমান্তৰালভাৱে অভাৰলোড কৰিলে ভৰিব লাগিব ২০ হাজাৰ টকাৰ জৰিমনা। ১৮ বছৰ বয়সৰ তলৰ লৰা ছোৱালীয়ে গাড়ী চলালে ২৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে খাটিব লাগিব ৩ বছৰ পৰ্যন্ত জে’ল।

কেৱল তেনে কৰাই নহয়, এবছৰলৈ বাতিল কৰা হ’ব বাহনৰ পঞ্জীয়ণ। তাৰোপৰি বছৰ বছৰ ধৰি নাপাব ড্ৰাইভিং লাইচেন্স।

লগতে পঢ়ক: কোনো দয়া নাই, ক্ষমা নাই অবৈধ বেদখলকাৰীৰ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰশাসনৰ বুলড’জাৰ! এইবাৰ খালী মাটিত পৰিব প্ৰশাসনৰ হাঁতোৰা!

media school
Leave A Reply

Your email address will not be published.