মাত্ৰ ২০ টকাৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ কাণ্ড! দলবদ্ধভাৱে চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা এজন লোকক।
ৰাজ্যত পুনৰবাৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। মাত্ৰ ২০ টকাৰ বাবেই প্ৰাণে মৰাৰ চেষ্টা এজন লোকক।
বৰপেটা জিলাৰ বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত খেল্লী গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বিগত ২০ দিন পূৰ্বে ২০ টকা চুৰি হোৱাৰ লৈ সৃষ্টি হৈছিল প্ৰচণ্ড মাৰপিটৰ।

জচমত আলীৰ দোকানৰ পৰা এটা শিশুৱে চুৰি কৰিছিল ২০ টকা। তাৰ পিছতে শিশুটোৰ পিতৃক জমচত আলীয়ে অৱগত কৰিছিল চুৰিকাণ্ডৰ কথা। ঘটনাক লৈ দুয়ো পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয়।
সন্ধিয়া ভাগত জশমত আলীয়ে নৈ পাৰ হ’ব লওঁতেই দলবদ্ধভাৱে আমজাদ আলী, আনোৱাৰ হুছেইন, মহিদু্ল ইছলামকে ধৰি কেইবাটাও লগ হৈ ব্যক্তিয়ে জচমত আলীক বেয়াকৈ মাৰপিট কৰাৰ লগতে জচমতৰ মূৰত দাৰে প্ৰহাৰ কৰে আমজাদ আলীয়ে।
ঘটনাক কেন্দ্ৰ কৰি জচমত আলীৰ পৰিয়ালে বৰভিটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে আজিপৰ্যন্ত আচামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে।
উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপি দোষীক অতি শীঘ্ৰেই উচিত শাস্তি প্ৰদানৰ বাবে আহ্বান জনাইছে ভুক্তভোগী জচমত আলীৰ পৰিয়ালে।
লগতে পঢ়ক:দেশভক্তি দিৱসত ডাঃ ৰণোজ পেগু। দেশভক্ত তৰুণৰাম ফুকনক স্মৰণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।


