২৩৩ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

0 486

গুৱাহাটীত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত শুক্ৰবাৰে অনুষ্ঠিত হয় নিযুক্তি প্ৰদান অনুষ্ঠান।

অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত ১১৪ গৰাকী অনুসূচিত জাতিৰ প্ৰশিক্ষাৰ্থীসহ মুঠ ২৩৩ গৰাকী প্ৰশিক্ষাৰ্থীলৈ দেশ-বিদেশৰ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা নিযুক্তিৰ প্ৰত্ৰ বিতৰণ কৰে তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

উল্লেখ্য যে, শিক্ষাৰ্থীসকলে বিগত এবছৰত উত্তৰ-পূৱ দক্ষতা কেন্দ্ৰত বিভিন্ন শিতানত প্ৰশিক্ষণ লাভ কৰাৰ পাছত ৫৪ গৰাকীয়ে বিদেশৰ আৰু আন শিক্ষাৰ্থীসকলে দেশৰ বিভিন্ন প্ৰতিষ্ঠানত নিযুক্তিৰ প্ৰস্তাৱ লাভ কৰিছে ।

শুক্ৰবাৰে অনুষ্ঠিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰি শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনৰ সফলতাৰ বাবে শুভকামনা জ্ঞাপন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

শেহতীয়াকৈ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “আমাৰ ল’ৰা-ছোৱালীবোৰে বাহিৰত চাকৰি কৰিলে আমাৰ দেশৰ অৰ্থনৈতিক প্ৰগতিত সহায়ক হৈ পৰে ।”

“বহু উন্নত ৰাষ্ট্ৰত ভাৰতীয় মূলৰ ব্যক্তিয়ে সফলতাৰে কাম কৰি আছে। পৰিৱৰ্তিত পৰিস্থিতিত শিক্ষা ব্যৱস্থাত দক্ষতাৰ গুৰুত্ব যথেষ্ট আৰু এই গুৰুত্বৰ বাবেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষতাভিত্তিক শিক্ষাক প্ৰাধান্য দি আহিছে”।

উল্লেখ্য যে, অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ বাবেও ২৪০ গৰাকী অনুসূচিত জাতিৰ শিক্ষাৰ্থীক বিভিন্ন দক্ষতাভিত্তিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: তীব্ৰ গতিত চলিছে প্ৰশাসনৰ বুলড ‘জাৰ। বেদখলকাৰীৰ কবলৰ পৰা মুক্ত ২ হাজাৰ একৰ ভূমি!

media school
Leave A Reply

Your email address will not be published.