অসমীয়া জাতিক নিশেষ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব! মিঞাক সকীয়নি মুখ্যমন্ত্ৰীৰ……..

0 853

উজনি অসমত ইতিমধ্যে আৰম্ভ হৈছে মিঞা খেদা অভিযান। একাংশ খিলঞ্জীয়া দল-সংগঠনে এফালৰ পৰা চলাইছে এই অভিযান। শিৱসাগৰত মিঞাক বাংলাদেশীক স্বৰ্গৃহলৈ উভতি যাবলৈ শেষ সকীয়নি প্ৰদান কৰিছে খিলঞ্জীয়া দল সংগঠনে।

উজনি অসমত মিঞা খেদা অভিযান অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। “জাতিৰ বৰঘৰত সোমালে মানুহে মাত-কথা মাতিবই। জাতিৰ বৰঘৰত সোমালে কোনেও মাত নিদিলে জাতি কেনেকৈ ৰক্ষা হ’ব। সেই মাত কথাক কোনেও বন্ধ কৰিব নোৱাৰে।”

“লখিমপুৰ, যোৰহাট, শিৱসাগৰ হৈছে জাতিটোৰ বৰঘৰ। উৰিয়ামঘাটৰ পিছত লখিমপুৰতো বৃহৎ অভিযান চলিছে। হাজাৰ হাজাৰ বিঘা ভূমিত পুখুৰী খান্দিছে। আইন হাতত তুলি নোলোৱাকৈ জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আইন হাতত তুলি নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰক।”

শেহতীয়াকৈ “জাতিয়ে প্ৰতিবাদ নকৰিলে আইনে কেনেকৈ শুনিব” বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰোপৰি তেওঁ কয় যে, “ইয়াৰ পিছত আৰু এই সুযোগ নাহে। সেইসকল লোক সেই স্থানত থকাক লৈ জনতাই বেয়া পাব পাৰে।

“প্ৰথমে ভাড়াঘৰত যায় তাৰ পিছত নিষিদ্ধ মাংসৰ বেহা আৰম্ভ কৰে। লাহে লাহে মছজিদ এটা আৰম্ভ হোৱাৰ লগে লগে সেই ঠাইৰ সত্ৰখন নোহোৱা হৈ পৰে”।

“ভাড়াঘৰৰ মালিক জনক মাতি আনি আপোনালোকে বুজাওক। কিন্তু আপোনালোক ভাড়াঘৰলৈ নাযাব, এইটো কাম আৰক্ষীৰ। হিন্দু সাংবাদিকৰ সৈতে আপোনাকে বৈঠক কৰিছে জানো? তেওঁলোকে ধৰ্মৰ ভিত্তিত অনুষ্ঠান পাতে” বুলি বৃহৎ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: মৰ্মান্তিক! গাঁতত সোমাল ব’ল ব’ম যাত্ৰীৰ বাহন। ৫ জনে হেৰুৱালে প্ৰাণ, আহত কেইবাজনো………

media school
Leave A Reply

Your email address will not be published.