জ্বলি ছাৰখাৰ হ’ব সমগ্ৰ বিশ্ব, সৃষ্টি হ’ব আতংক! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

0 599

২০২৫ চনৰ আগষ্ট মাহৰ বাবে ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে বিশ্ব বিখ্যাত বুলগেৰিয়ান বাবা ভাংগাই।

বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল যে, “আগষ্ট মাহত আকাশ আৰু মাটি দুয়োটাৰে পৰা ‘অগ্নি’ বাহিৰ হ’ব”। এই ভৱিষ্যদ্বাণী পোহৰলৈ অহাৰ লগে লগে আতংকত ভুগিছে সমগ্ৰ বিশ্ববাসী।

তাৰোপৰি বাবা ভাংগাই কয় যে, আগষ্টৰ ভিতৰত মানৱতাই এনে এক জ্ঞান বা বুদ্ধিমত্তাৰ স্তৰত উপনীত হ’ব যিয়ে নতুন পৰিঘটনাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিব। এতিয়া বহুতে বিশ্বাস কৰে যে, বাবা ভাংগাই কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ ইংগিত দিছিল।

বৰ্তমান বিশ্ব প্ৰসিদ্ধ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কিয়নো বিগত সময়তো বহুবাৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী একেবাৰে শুদ্ধ বুলি প্ৰমাণিত হৈ আহিছে।

উল্লেখ্য যে, ২০২৫ বৰ্ষটোত মানৱ জাতি আৰু এলিয়েনৰ মাজত সংস্পৰ্শ হ’ব পাৰে বুলি বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল। অৱশ্যে এলিয়েন নিজৰ স্থানলৈ ঘূৰি আহিব আৰু এই যোগাযোগৰ দায়িত্ব নাটো বা ইউৰোপীয় সংঘৰ কিছুমান সদস্য দেশে ল’ব। ফলত পূব আৰু পশ্চিম ইউৰোপৰ মাজত অনাস্থা বা ৰাজনৈতিক বিভাজন বাঢ়িব।

ভৱিষ্যদ্বাণীৰ অন্তত বাবা ভাংগাই কৈছিল যে, ২০২৫ চনত এক বৃহৎ প্ৰাকৃতিক দুৰ্যোগ হ’ব, যাৰ ফলত বিশ্বজুৰি প্ৰভাৱ পৰিব। বৰ্তমান এই ভৱিষ্যদ্বাণীবোৰে সমগ্ৰ বিশ্বতে উদ্বেগ, কৌতুহল আৰু ভয়ৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত কিয় ময়ূৰৰ পাখি আছে? ইয়াৰ কাৰণ কি? জানিবলৈ প্ৰতিবেদনটো পঢ়ক..

media school
Leave A Reply

Your email address will not be published.