অভিনেতাক চুম্বন কৰি চিধা বাথৰুমলৈ গ’ল অভিনেত্ৰী বিপাশা বসু! শ্বুটিঙত কি হৈছিল বিপাশা বসুৰ সৈতে?
আৰ মাধৱন আৰু বিপাশা বসুৰ ‘জোৰী ব্ৰেকাৰ’ ছবিখন সকলোৱে উপভোগ কৰিছে। ২০১২ চনত ছবিগৃহসমূহত মুক্তি লাভ কৰিছিল ছবিখনে।

কিন্তু এই ছবিখনৰ পৰা অভিনেত্ৰী বিপাশা বসুৱে কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিছিল আপুনি জানেনে? শ্বুটিঙৰ সময়ত বিপাশাৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। সকলো কথা সদৰী ক’লে অভিনেত্ৰী বিপাশা বসুৱে।
ছবিখনত মাধৱনৰ সৈতে বিপাশাৰ আছিল চুম্বনৰ দৃশ্য। বিপাশাই মাধৱনৰ সৈতে এই দৃশ্যটো কৰিবলৈ একেবাৰে আগ্ৰহী নাছিল।কাৰণ বিপাশাৰ সৈতে অধিক ঘনিষ্ঠ আছিল মাধৱনৰ পত্নী।সেইবাবেই বিপাশাই দৃশ্যটো কৰিবলৈ অস্বস্তি অনুভৱ কৰিছিল। কিন্তু পৰিচালকৰ কথাত পতিয়ন গৈ বিপাশাই দৃশ্যটো কৰিব লগা হৈছিল।
কিন্তু তাতেই লাগিছিল কেনা। চুম্বনৰ দৃশ্যটো শেষ কৰিয়েই চিধাই বাথৰুমলৈ দৌৰি গৈছিল বিপাশা।
তথ্য অনুসৰি, দৃশ্যটো শ্বুটিং কৰাৰ সময়ত অভিনেত্ৰীগৰাকীৰ মুখত বেয়াকৈ পিঁয়াজৰ গোন্ধ সোমাই গৈছিল। এক সাক্ষাৎকাৰত বিপাশাই এই কথা উল্লেখ কৰা পাছতে বিষয়টোক লৈ ব্যাপক চৰ্চিত হৈ পৰিছিল।
লগতে পঢ়ক : দীৰ্ঘসময় ধৰি অন্তৰ্বাস পৰিধান কৰে নেকি? ই আপোনাৰ বাবে হৈ পৰিব পাৰে কাল! মাৰাত্মক ৰোগত হ’ব পাৰে আক্ৰান্ত…


