নিঃশেষ হ’ব শত্ৰুৰাষ্ট্ৰ! শক্তিশালী ৰূপত ‘অগ্নি-৫’ বেলিষ্টিক মিছাইল!
পাকিস্তানক কঁপাবলৈ সাজু হৈছে ভাৰত! তীব্ৰ গতিৰে আহি গ’ল ভাৰতৰ আটাইতকৈ শক্তিশালী বেলিষ্টিক মিছাইল। ভাৰতৰ সুৰক্ষা শক্তিত অন্তৰ্ভুক্ত হল আন এক সোণালী অধ্যায়। এই মিছাইলেৰে নিমিষতে থান-বান হৈ পৰিব শত্ৰুদেশ পাকিস্তান। শক্তি প্ৰদৰ্শন কৰিব ভাৰতৰ শক্তিশালী মিছাইল ‘অগ্নি-৫’ য়ে।
MIRV অৰ্থাৎ Multiple Independently Targetable re-entry Vehicle টেকনিকেৰে ভাৰতীয় বিজ্ঞানীসকলে প্ৰস্তুত কৰি উলিয়াইছে শক্তিশালী ‘অগ্নি-৫’ বেলিষ্টিক মিছাইল।

ওড়িশাৰ চণ্ডীপুৰ কেন্দ্ৰৰ পৰা সম্পন্ন কৰা হৈছে ‘অগ্নি-৫’ৰ সফল পৰীক্ষণ। ষ্ট্ৰেটেজিক ফৰ্চেচ কামাণ্ডৰ নিৰীক্ষণত সম্পন্ন কৰা হৈছে এই পৰীক্ষণ। তথ্য অনুসৰি, প্ৰতিঘণ্টাত এই মিছাইলৰ গতিবেগ হৈছে ২৯,৪০১ কিঃ মিঃ। তাৰোপৰি ইয়াৰ ৰেঞ্জ হৈছে ৪,৭৯০ কিঃ মিঃ।
উল্লেখ্য যে, এটা মিছাইলৰ পৰাই লঞ্জ কৰিব পাৰিব বেলেগ বেলেগ ৱাৰহেড। যাৰ বাবে ‘অগ্নি-৫’ ক দিব্যাস্ত্ৰ বুলিও নামাকৰণ কৰা হৈছে। সম্পূৰ্ণ স্বদেশী টেকনলজিৰ দ্বাৰা বিজ্ঞানীসকলে নিৰ্মাণ কৰি উলিয়াইছে ‘অগ্নি-৫’ বেলিষ্টিক মিছাইল।
শেহতীয়াকৈ প্ৰতিগৰাকী ভাৰতীয়, ভাৰতৰ মাতৃৰ বাবে ৰক্ষা কৱজ হৈ পৰিব এই ‘অগ্নি-৫’ মিছাইল। শব্দৰ বেগতকৈ ২৪ গুণ বেছি হৈছে এই মিছাইল। প্ৰতি ছেকেণ্ডত ৮ কিঃ মিঃ তকৈ অধিক গতিত বেগাই যাব পাৰিব এই ‘অগ্নি-৫’ মিছাইলে, আৰু কোনো এয়াৰ ডিচেঞ্চ চিষ্টেমে ৰোধ কৰিব নোৱাৰিব ‘অগ্নি ৫’ মিছাইলক।
নিমিষতে এই মিছাইলে শেষ কৰি পেলাব পাৰিব ইছলামবাদ, কৰাচী, ৰাৱালপিণ্ডীকে ধৰি চীনৰ বেইজিং, সাংঘাই, গুয়াংজু, হংকং আদি দেশক। উল্লেখ্য যে, এছিয়া, ইউৰোপ আফ্ৰিকাৰ দৰে বৃহৎ এলেকা ধ্বংসস্তূপত পৰিণত কৰাৰ ক্ষমতা আছে ‘অগ্নি-৫’ ত।
লগতে পঢ়ক: বিশেষ আইনৰ আওতালৈ প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী! গাদী হেৰুৱাব কলংকিত মন্ত্ৰী-জনপ্ৰতিনিধি!


