বিবাহিত পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব পাৰিব প্ৰাপ্তবয়স্ক যুৱতীয়ে ! উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান!
নিজৰ স্বইচ্ছাই কোনো বিবাহিত পুৰুষৰ সৈতে সংসাৰ গঢ়িব বিচাৰিলে আইনে প্ৰদান কৰিব নোৱাৰে কোনোধৰণৰ বাধা। কাৰণ, মহিলাগৰাকীয়ে সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। এটা গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়।

গোচৰ অনুসৰি এজন বিবাহিত পুৰুষৰ সৈতে পলাই গৈছিল এগৰাকী যুৱতী। তাৰ পিছতে যুৱতীগৰাকীক জিম্মাত লোৱাৰ দাবীত আদালতত গোচৰ ৰুজু কৰে পুৰুষজনৰ পৰিয়ালে।
তাৰ পিছতে, ‘তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক আৰু তেওঁ কাৰ লগত থাকিব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে’ বুলি আদালতৰ আগত উল্লেখ কৰে যুৱতীগৰাকীয়ে।
উল্লেখ্য যে, ১৮ আগষ্টত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ প্ৰদীপ মিত্তলৰ সংমণ্ডলৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰি উল্লেখ কৰি কয় যে, ‘যুৱতীগৰাকী এগৰাকী প্ৰাপ্তবয়স্ক’।
‘তেওঁ কাৰ সৈতে সহবাস কৰিব বিচাৰে, সেয়া ভুল নে সঠিক সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। যুৱতীগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নহয়’।
তাৰোপৰি আদালতে কয় যে, ‘যদি যুৱতীগৰাকী বিবাহিত পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, তেন্তে প্ৰথমা পত্নীগৰাকীয়ে বহুবিবাহৰ গোচৰ ৰুজু কৰিব পাৰে’।
তাৰোপৰি আদালতে কয় যে, ‘যদি যুৱতীগৰাকী বিবাহিত পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, তেন্তে প্ৰথমা পত্নীগৰাকীয়ে বহুবিবাহৰ গোচৰ ৰুজু কৰিব পাৰে’।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে বিজেপিৰ বিশেষ প্ৰস্তুতি। অসমতো দেখা পোৱা যাব এনে দৃশ্য…………


