শেষ মূহূৰ্তত কি হৈছিল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সৈতে? কি ক’লে সহধৰ্মিনী গৰিমা গাৰ্গে?
কোটি কোটি অনুৰাগীক কন্দুৱাই ঘূৰি নহাৰ বাটেৰে গুছি গ’ল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ। কোটি কোটি অনুৰাগীক কন্দুৱাই চিৰবিদায় এটা যুগৰ। ৫২ বছৰ বয়সত অকাল মৃত্যুক আকোৱালি লয় কণ্ঠশিল্পীগৰাকীয়ে। ১৯ ছেপ্টেম্বৰটো যেন ইতিহাসৰ বাবে এটা ক’লা দিন।
ছিংগাপুৰত ‘নৰ্থ ইষ্ট ফেষ্টিভেল’ত অংশ ল’বলৈ গৈছিল জুবিন । কিন্তু হঠাৎ স্কুভা ড্ৰাইভিঙৰ সময়ত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় কণ্ঠশিল্পীগৰাকীৰ।

জুবিনৰ মৃত্যুৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিছে সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে। আঁচলতে সেই সময়ত কি হৈছিল জুবিনৰ সৈতে? সকলো সদৰী গ’লে গৰিমাই।
গৰিমাই কয় যে, “সেই সময়ত ৭-৮ টা মান ল’ৰা জুবিনৰ সৈতে গৈছিল। সাগৰলৈ যাওঁতে জুবিনৰ সৈতে শেখৰ আৰু সিদ্ধাৰ্থৰ লগতে কেইজনমান ছিংগাপুৰৰ ল’ৰা আছিল।”
“সাগৰতে আটাইকেইজনে একেলগে গা ধুই পাৰলৈ উঠি আহিছিল। আটাইয়ে লাইভ জেকেটো পিন্ধি আছিল। সকলো পাৰলৈ উঠাৰ পিছত জুবিনে আকৌ সাঁতুৰিবলৈ নামি গৈছিল।”
“তাৰ পিছতে হঠাৎ জুবিনৰ শৰীৰটো স্থবিৰ হৈ পৰে। লগে লগে তেওঁৰ সতীৰ্থকেইজনে জুবিনক তুলি আনি হাস্পতাললৈ লৈ গৈছিল। তেওঁক দুঘণ্টা ধৰি ICUত ৰখা হৈছিল। পূৰ্বৰ দৰে জুবিনৰ ছিজাৰ এটেকেই আহিছিল। তাৰ পিছতে হাস্পতাললৈ শেষ নিশ্বাস ত্যাগ কৰে জুবিনে।”
তাৰোপৰি স্কুবা ড্ৰাইভিঙৰ তথ্য সঁচা নহয় বুলিও বিস্ফোৰক মন্তব্য কৰে গৰিমা গাৰ্গে।
লগতে পঢ়ক: ভাৰতৰ পৰা অত্যধিক সুৰা ক্ৰয় কৰে এইখন মুছলিম ইছলামিক দেশে! কিন্তু কিমান দামত?


