অসমত ব্লেকলিষ্টেড কৰা হ’ল শ্যামকানু মহন্তক। অসমত শ্যামকানুৱে কৰিব নোৱাৰিব কোনো অনুষ্ঠান!
অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গৰ মহাপ্ৰয়াণ। মহানায়কৰ মৃত্যুত স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। অশ্ৰুসিক্ত নয়নৰে শিল্পীগৰাকীক চিৰবিদায় জনালে কোটি কোটি অনুৰাগীয়ে।
মঙলবাৰে সোণাপুৰৰ কমাৰকুছিত পঞ্চভূতত বিলীন হৈ গ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ’ল শিল্পীগৰাকীক। এই অকল্পনীয় তথা হৃদয়বিদাৰক মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ অসমবাসী।

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ‘নৰ্থ ইষ্ট ফেষ্টিভেল’ৰ প্ৰধান উদ্যোক্তা শ্যামকানু মহন্তৰ ওপৰত ৰাইজে ক্ষোভ উজাৰিছে। উল্লেখ্য যে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিনক ছিংগাপুৰলৈ নি অৱহেলাৰ কৰাৰ অভিযোগ তুলিছে ৰাইজে।
শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰুজু কৰিছে গোচৰ। মুখ্যমন্ত্ৰীক ঘটনাৰ উচিত তদন্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছে জুবিন অনুৰাগীয়ে।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰিছে।
“ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে” বুলি পোষ্টটোত উল্লেখ আছে।
তাৰোপৰি পোষ্টটোত উল্লেখ আছে যে- ৰাজ্য চৰকাৰেও শ্যামকানু মহন্তৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ভাৰত চৰকাৰকো এই ক্ষেত্ৰত কোনোধৰণৰ আৰ্থিক সাহাৰ্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক: শেষ মূহূৰ্তত কি হৈছিল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সৈতে? কি ক’লে সহধৰ্মিনী গৰিমা গাৰ্গে?


