কাইলৈ মহালক্ষ্মী পূজা। লক্ষ্মী পূজাৰ দিনটোত এইদৰে জনাওক শুভেচ্ছা।
কাইলৈ ধন- ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। লক্ষ্মীদেৱীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। পূজাৰ প্ৰয়োজনীয় উপকৰণেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ।
জনবিশ্বাস অনুসৰি, লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰে।

লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰাৰ লগতে ফুল আৰু পোহৰেৰে নিজৰ ঘৰখন আলোকিত কৰে আৰু বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন, ভোগ ৰান্ধে। লক্ষ্মীপূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ পাৰ্থক্যও বেলেগ বেলেগ হয়।
লক্ষ্মীপূজাৰ শুভ ক্ষণত সকলোকে সকলোকে এইদৰে জনাওক শুভেচ্ছা-
১) অনাগত দিনত আপোনাৰ ঘৰখন অধিক ঐশ্বৰ্যশালী আৰু সমৃদ্ধিশালী কৰি তোলাৰ বাবে অধিষ্ঠাত্ৰী দেৱী মাৰ শ্ৰীচৰণত নতশিৰে সেৱা যাচিলোঁ আৰু ৰাইজৰ মংগল কামনা কৰিলোঁ।
২) মহালক্ষ্মীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। লক্ষ্মীপূজাৰ শুভেচ্ছা।
৩) ঔম: মহালক্ষ্মী নম: লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
৪) সমূহ অসমবাসীলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মীয়ে সকলোৰে মংগল কৰক।
৫) লক্ষ্মী পূজাৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। লক্ষ্মী মাই আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত সুখ-সমৃদ্ধি, ধন-ৰত্ন।


