প্ৰতিজনেই এতিয়া তৰল ৰাজনীতিত নামিছে! হঠাৎ কিয় ৰাজনীতি বেয়া পোৱা হ’ল দীপলিনা ডেকাই হ’ল দীপলিনা ডেকাই?
ৰাজনীতি প্ৰিয় এগৰাকী কণ্ঠশিল্পী হৈছে দীপলিনা ডেকা। এগৰাকী সচেতন নাগৰিক হিচাপে তেওঁ বহু সময়ত যেনে ‘কা’ আন্দোলনৰ পৰা আৰম্ভ কৰি বান পৰিস্থিতিলৈকে সকলো ক্ষেত্ৰত এবাৰ হ’লেও মাত মাতিছে।
কিন্তু হঠাৎ সেই গৰাকী কণ্ঠশিল্পীৰে বেয়া লগা হ’ল ৰাজনীতি। সোমাবাৰে মাজনিশা তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে এটা পোষ্ট। কিয় আৰু কি কাৰণত তেওঁৰ ৰাজনীতিৰ প্ৰতি অনিহা জাগিল সেই কথা তেওঁ পাকে প্ৰকাৰে পোষ্টটোৰ যোগেদি বুজোৱাৰ চেষ্টা কৰিছে।
উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতেও খুবেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল দীপলিনা ডেকাৰ।
জুবিন গাৰ্গৰ মিছন চাইনাত অভিনেত্ৰী ৰূপত দেখা পোৱা গৈছিল দীপলিনাক। তাৰ পিছৰে ব’হাগৰ প্ৰায় প্ৰতিখন মঞ্চতেই কণ্ঠশিল্পীৰ ৰূপত দেখা পোৱা গৈছে দীপলিনা ডেকাক।
সামাজিক মাধ্যমত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে- “এটা সময় আছিল, কৈছিলো, সদায়, ৰাজনীতি ভাল পাওঁ, ভাল লাগে। আজি অতি দুখ মনেৰে, খুব লাজ পায় কৈছো, নাই, নালাগে, অতি বেয়া এই ক্ষেত্ৰখন। সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা।”
“এজন নহয়, দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে। কি দল, কোন নেতা, কোন দলৰ সভাপতি, প্ৰায় সকলোৱে, কোনো বাকী নাই।”
“জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যেন অনুভৱ কৰিছো। আমি সকলোৱে জানো, বুজো, কিন্তু কি কম, কাক কম, শুনিবনে, বুজিবনে?”
“আমি নতুন প্ৰজন্ম। Productive আৰু Progressive Politics বিচাৰো, আমাৰ কাৰণে, দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভূ।”



