গ্ৰেপ্তাৰ হ’ব পাৰে APCC ৰ সভাপতি গৌৰৱ গগৈ! অসমক নেপাল কৰিবলৈ দিয়া নহ’ব!

0 667

APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। omnibus কেচত সভাপতিগৰাকীৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ।

অসমক নেপাল কৰিবলৈ চেষ্টা কৰা কাকোৱে এৰি দিয়া নহ’ব বুলি কঠোৰ সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, সংবাদ মাধ্যমৰ আগত বিতৰ্কিত মন্তব্য কৰি মহাবিপদত পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে জুবিন অনুৰাগীক উচতনি দিয়াৰ গুৰুতৰ অভিযোগ।

সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে এইদৰে কৈছিল- “অন্য ঠাইত শিল্পীৰ মৃত্যুৰ হলে দোকান-পোহাৰ জ্বলাই, টায়াৰ জ্বলাই প্ৰতিবাদ কৰিলেহেঁতেন। মহান শিল্পীৰ মৃত্যু হলে অনুৰাগীসকল আৱেগিক হৈ পৰে।যাৰ বাবে তেওঁলোকে দোকান জ্বলাই, টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।”

গৌৰৱ গগৈৰ এই বক্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে- “APCCৰ সভাপতিজনে নিজেই জুবিনৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি কৰি আছে।”

“তেওঁ সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা বক্তব্যৰ জৰিয়তে ৰাইজক উচটনি দিছে। অসমক নেপাল কৰিবলৈ দিয়া নহ’ব।”

গৌৰৱ গগৈৰ মন্তব্যৰ বিৰোধিতা কৰি ইতিমধ্য দাখিল কৰা হৈছে FIR। লগতে “গৌৰৱ গগৈয়ে জ্বলাই দিব নেকি দোকান-পোহাৰ? দোকানীসকলক, শ্ৰম কৰা মানুহক বেয়া পাই গৌৰৱ গগৈয়ে! দোকানী,শ্ৰমিকক কি বেয়া পাই APCC ৰ সভাপতিগৰাকীয়ে” বুলি প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: প্ৰতিজনেই এতিয়া তৰল ৰাজনীতিত নামিছে! হঠাৎ কিয় ৰাজনীতি বেয়া পোৱা হ’ল দীপলিনা ডেকাই হ’ল দীপলিনা ডেকাই?

media school
Leave A Reply

Your email address will not be published.