তিনিটা উপায়েৰে উপাৰ্জন কৰিলে হাতত নাথাকিব ধন! হৈ পৰিব দৰিদ্ৰ!

0 562

সকলো ব্যক্তিয়ে বহু টকা ঘটি কম সময়ৰ ভিতৰতে ধনী হ’ব বিচাৰে। ইয়াৰ বাবে বহুতে কঠোৰ পৰিশ্ৰম কৰে, আনহাতে কিছুমানে সহজ পদ্ধতি গ্ৰহণৰ চেষ্টা কৰে। কিন্তু আচাৰ্য চাণক্যই কিছুমান এনে পদ্ধতিৰ কথা কৈছে যাৰ দ্বাৰা ধন উপাৰ্জন কৰিলে সেই ধন কেতিয়াও স্থায়ী নহয়।

আজিকালি মানুহৰ যিমানেই টকা নাথাকক কিয়, আৰু অধিক ধনী হ’ব বিচাৰে। মানুহে টকা উপাৰ্জন কৰিবলৈ বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে। ইয়াৰ বিষয়ে আচাৰ্য চাণক্যই কৈছে, কেৱল টকা উপাৰ্জন কৰাই নহয়, সঠিকভাৱে উপাৰ্জন কৰাটোও অতি প্ৰয়োজনীয়।

কিছু লোকে অস্থায়ী ধন-সম্পত্তিৰ লোভত পৰি ভুল উপায়েৰে ধন উপাৰ্জন কৰে। যিটো একেবাৰে উচিত নহয়। বহুজ্ঞানী চাণক্যই তেওঁৰ নীতিত বহু কথা কৈ গৈছে। তাৰ ভিতৰত ধনৰ ওপৰত মন্তব্য কৰাটোও অন্যতম।

তেওঁৰ মতে, “অন্যায় , অসৎ আৰু ভুল পদ্ধতিৰে অৰ্জন কৰা ধন-সম্পত্তি মাত্ৰ দহ বছৰলৈকে থাকে। এঘাৰ বছৰলৈকে সেয়া সম্পূৰ্ণৰূপে হেৰাই যায়।

১) প্ৰতাৰণা কৰি উপাৰ্জন কৰা ধনঃ কাৰোবাক প্ৰতাৰণা কৰি বা প্ৰৱঞ্চনাৰে ধন-সম্পত্তি উপাৰ্জন কৰা ধন কেতিয়াও স্থায়ী নহয়। আনক সমস্যা দি উপাৰ্জন কৰা ধনে মানসিক যন্ত্ৰণাৰ সৃষ্টি ঘটায়।

ইয়াৰোপৰি যদি প্ৰৱঞ্চনাৰ কথা বেলেগে গম পাই তেন্তে আপোনাৰ সুনাম আৰু সন্মান নষ্ট হ’ব পাৰে। গতিকে এই পদ্ধতিত ধন উপাৰ্জন কৰিব নালাগে।

২) অনৈতিক উপায়েৰে অৰ্জন কৰা ধনঃ চাণক্যৰ মতে, অনৈতিক উপায়ৰ দ্বাৰা অৰ্জন কৰা ধন কেতিয়াও স্থায়ী নহয়। অৰ্থাৎ নিয়ম ভংগ কৰি অসৎ উপায়েৰে ধন উপাৰ্জন কৰিলে দৰিদ্ৰতাৰ দিশে আগবাঢ়ি যোৱাৰ দৰে হয়।

উদাহৰণস্বৰূপে যদি উৎকোচ লৈ বা মিছা কথাৰে আনক ঠগ-প্ৰৱঞ্চনা কৰি ধন উপাৰ্জন কৰা হয় তেন্তে সেই ধন কেতিয়াও স্থায়ী নহয়।

৩) চুৰি কৰা ধনঃ আচাৰ্য চাণক্যৰ বাণী অনুসৰি চুৰি কৰি উপাৰ্জন কৰা ধন বেছি দিনলৈ নাথাকে। এনে টকাত আধ্যাত্মিক তৃপ্তি নাথাকে।

৩) চুৰি কৰা ধনঃ আচাৰ্য চাণক্যৰ বাণী অনুসৰি চুৰি কৰি উপাৰ্জন কৰা ধন বেছি দিনলৈ নাথাকে। এনে টকাত আধ্যাত্মিক তৃপ্তি নাথাকে।

ইয়াৰোপৰি চুৰি কৰা ব্যক্তিজনে সমাজত সন্মান হেৰুৱায়। টকা চুৰি কৰা ব্যক্তিয়ে ক্ৰমান্বয়ে আৰ্থিক অৱনতিৰ পথত আগবাঢ়ি যায়। তেওঁৰ জীৱনত কেতিয়াও সমৃদ্ধি নাহে।

চাণক্যৰ মতে, মানুহে সদায় সৎ উপায়েৰে ধন উপাৰ্জন কৰিব লাগে। সেই ধন মানুহৰ হাতত বেছি দিনলৈ নাথাকে।

লগতে পঢ়ক: গ্ৰেপ্তাৰ হ’ব পাৰে APCC ৰ সভাপতি গৌৰৱ গগৈ! অসমক নেপাল কৰিবলৈ দিয়া নহ’ব!

media school
Leave A Reply

Your email address will not be published.