‘১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়ক!’ #JusticeForZubeenGarg

0 432

দিন বাঢ়ি যোৱাৰ লগে লগেই তীব্ৰতৰ হৈ পৰিছে জুবিনৰ ন্যায়ৰ দাবী। জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ। এইবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে আৰম্ভ হৈছে নতুন ট্ৰেণ্ড।

এইবাৰ আৰম্ভ হৈছে ডিজিটেল আন্দোলন। জুবিনৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদমুখী হৈ পৰিছে অনুৰাগীসকল।

ইফালে জুবিনৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পাল্মী বৰঠাকুৰে বান্ধি দিলে সময়সীমা। ১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়ক বুলি দাবী জনাইছে ভগ্নী আৰু পত্নীয়ে।

ন্যায় দাবী কৰি গৰিমা গাৰ্গে ফেচবুকত লিখিছে- “#We Need ZubeenGargJustice_within_10 days! #JusticeForZubeenGarg”

উল্লেখ্য যে, তদন্ত প্ৰক্ৰিয়াৰ অংশস্বৰূপে সোমবাৰে গুৱাহাটীস্থিত CIDৰ কাৰ্যালয়ত ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া ক্ৰমে পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা, জলংসাত নাৰ্জাৰীক জেৰা চলোৱা হয়।

ছিংগাপুৰত জুবিনৰ সৈতে য়ট পাৰ্টিত উপস্থিত আছিল এই তিনিওজন অসমীয়া। আন প্ৰৱাসী অসমীয়াকো অতি শীঘ্ৰে CID ৰ কাৰ্যালয়ত হাজিৰ হ’বৰ বাবে আহ্বান জনোৱা হৈছে।

শেহতীয়াকৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰি উল্লেখ কৰে যে, “তদন্ত দ্ৰুতগতিত আৰু আইনী পদ্ধতিৰ সম্পূৰ্ণ অনুসৰণ কৰি আগবাঢ়িছে।”

“জুবিনৰ ঘটনাৰ সৈতে জড়িত কেইবাজনো ব্যক্তি সোধা-পোছাৰ বাবে উপস্থিত হৈছে, অনাগত দিনত আৰু অধিক ব্যক্তিয়ে তদন্তত যোগদান কৰাৰ সম্ভাৱনা আছে। লগতে তেওঁ কয় যে, অহা দুদিনত তদন্তৰ বাবে আৰু অধিক লোক আহিব। আজি ছিংগাপুৰৰ পৰা আন এজন ব্যক্তি উপস্থিত হোৱাৰো সম্ভাৱনা আছে।”

সমান্তৰালভাৱে বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, “পূৰ্বানুমান কৰা ধৰণে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ’ব। কাইলৈ বিয়লি ৪ বজাত জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয়।”

প্ৰতিবেদনটো পোনপটীয়াকৈ আদালতৰ সন্মুখত দাখিল কৰা হ’ব। ইতিমধ্যে বিশেষ তদন্তকাৰী গোটে লাভ কৰিছে এই প্ৰতিবেদন।

লগতে পঢ়ক: দৰমহাৰ বাদে মোৰ বেলেগ সম্পত্তি একো নাই! মই কোনো সম্পত্তিৰ মালিক নহয়!

media school
Leave A Reply

Your email address will not be published.