২৬ত দিল্লীত ৰাষ্ট্ৰদূতৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ, ঝুমুৰক লৈ বৃহৎ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ!
অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক বিশ্বজুৰি প্ৰচাৰ-প্ৰসাৰ কৰাই হৈছে মুখ্যমন্ত্ৰীৰ মূল লক্ষ্য। সেই উদ্দেশ্যে গুৱাহাটীত আয়োজন কৰা হৈছিল ‘ঝুমুইৰ বিনন্দিনী’।
এই ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত আয়োজন কৰা অনুষ্ঠানত প্ৰশস্তি পত্ৰ আৰু মাননিৰে সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, বিশেষজ্ঞ সমিতিৰ ২৯ গৰাকী, অসমৰ ভিন্ন প্ৰান্তৰ ৭, ৫৩৯ গৰাকী শিল্পী আৰু ৩৫৮ গৰাকী মাষ্টাৰ ট্ৰেইনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল ‘ঝুমুইৰ বিনন্দিনী’ অনুষ্ঠানে।
বৃহস্পতিবাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত ২৪ খন জিলাৰ বিশেষজ্ঞ সমিতিৰ সদস্যসকলক ৫০ হাজাৰ টকাকৈ, প্ৰশিক্ষক আৰু শিল্পীসকলক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত বৰাক উপত্যকাৰ অংশগ্ৰহণকাৰীসকলক সম্বৰ্ধনা জনোৱা হ’ব।
সমান্তৰালভাৱে অনু্ষ্ঠানত প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক ‘প্ৰোৎসাহন যোজনা’ৰ অধীনত ৰাজ্যৰ ৩০ খন জিলাৰ চাহ বাগিছা আৰু কাষৰীয়া অঞ্চলসমূহত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৮০ খন সঞ্জীৱনী বাহনৰ ফ্লেগ অফ্ কৰে মুখ্যমন্ত্ৰীয়ে।
এই অনুষ্ঠানতে মুকলি কৰা হয় ৮০ খন চাহ বাগিছাৰ বাবে ‘সঞ্জীৱনী এম্বুলেঞ্চ’ নামেৰে এম্বুলেঞ্চ মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ভাষণত মুখ্যমন্ত্ৰী উল্লেখ কৰে- “বিজেপি চৰকাৰৰ দিনত চাহ বাগিছাত এতিয়ালৈকে ১২০ খন বিদ্যালয়-মহাবিদ্যালয় হৈছে।”
“২০২৬ চনত চাহ বাগিছাত স্থাপন কৰা হ’ব ১০০ খন হায়াৰ ছেকেণ্ডাৰী স্কুল। জানুৱাৰী মাহত স্থাপন কৰা হ’ব এই বিদ্যালয়সমূহ।” “লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, “এইবাৰ ৩% যুৱক-যুৱতীয়ে ADRE আৰু অসম আৰক্ষীৰ চাকৰি পালে।”
“চাহ বাগিছাৰ বাবে মোবাইল ইউনিট দিছোঁ। চাহ বাগিছাৰ গৰ্ভৱতী মহিলাক ১৫ হাজাৰকৈ টকা দিছোঁ। ২৫ নৱেম্বৰত চাহ বাগিছাৰ বাবে বিধানসভাত আহিব এখন নতুন আইন। শ্ৰমিকসকলক প্ৰদান কৰা হ’ব চাহ বাগিছাৰ মাটিৰ মালিকীস্বত্ব।”
লগতে উঠি অহা নতুন প্ৰজন্মকো ঝুমুৰ শিকাবলৈ আহ্বান জনোৱাৰ উপৰিও ২০২৬ ত দিল্লীত সকলো ৰাষ্ট্ৰদূতৰ আগত ঝুমুৰ প্ৰদৰ্শন কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম দিনা বিহু, দ্বিতীয় দিনা ঝুমুৰ আৰু তৃতীয় দিনা প্ৰদৰ্শন কৰা হ’ব বাগুৰুম্বা। সাত দিনত সাতটাকৈ জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰাৰ চিন্তা মুখ্যমন্ত্ৰীৰ।
লগতে পঢ়ক: ‘১০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়ক!’ #JusticeForZubeenGarg


