জে’লৰ ভাত খাব শেখৰজ্যোতি-অমৃতপ্ৰভাই। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দুই অভিযুক্তক

0 480

শুক্ৰবাৰে পুৱাৰ ভাগত CJM আদালতত হাজিৰ কৰোৱা হয় জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক। জুবিনৰ মৃত্যুৰ দিনাখন ছিংগাপুৰতে আছিল দুই অভিযুক্ত।

বৃহস্পতিবাৰে অন্ত পৰে শেখৰ-অমৃতপ্ৰভাৰ CID জিম্মাৰ ম্যাদ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পাছতে দোষী বিচাৰি SITয়ে ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল দুয়োকে।

উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দেহত অন্যতম অভিযুক্ত শেখৰজ্যোতি আৰু অমৃতপ্ৰভা। শুক্ৰবাৰে মহানগৰীৰ পাণবজাৰস্থিত CJM আদালতত হাজিৰ কৰোৱা হয় দুই অভিযুক্তক।

CJM আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰক্ষীয়ে কাৰাগাৰলৈ লৈ যায় দুয়োকে। হাফলং কাৰাগাৰলৈ লৈ যোৱা হয় শেখৰ-অমৃতপ্ৰভাক।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তে ৰাজ্যজুৰি এই তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হৈ পৰাৰ লগতে প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায়ৰ দাবী মুখৰিত হৈছে।

এই গোচৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তোলাৰ উদ্দেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ফাষ্টট্ৰেক ক’ৰ্ট গঠনৰ বাবে আহ্বান জনাবলৈও কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

লগতে পঢ়ক: ২৬ত দিল্লীত ৰাষ্ট্ৰদূতৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ, ঝুমুৰক লৈ বৃহৎ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ!

media school
Leave A Reply

Your email address will not be published.