কটা নাই, স্থানান্তৰহে কৰা হৈছে!ৰাইজক এই কথা জনালে লোক নিৰ্মাণ বিভাগে!
এটা ব্যক্তিগত চেনেলত সাক্ষাৎকাৰৰ সময়ত জুবিনৰ মৃত্যুৰ পিছতে দীঘলীপুখুৰীৰ গছসমূহ কাটি দিয়া হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল অভিনেতা ৰবি শৰ্মাই।
তাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৰবি শৰ্মাৰ সেই কথাখিনি। অভিনেতাগৰাকীয়ে কৈছিল- “জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে গছ কটা মানুহবোৰে জুবিনক ভাল পাই বুলি ক’লে মানি ল’ব নোৱাৰি।”
ৰবি শৰ্মাৰ এই অভিযোগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই।
মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে, “দীঘলীপুখুৰীৰ আশে-পাশে থকা এজোপাও গছ কটা হোৱা নাই। ঐতিহাসিক পুখুৰীটোৰ চাৰিওফালে থকা গছবোৰ সংৰক্ষণ কৰা হ’ব বুলি তেওঁ জুবিন গাৰ্গৰ জীৱনকালত তেওঁ আশ্বাস প্ৰদান কৰিছিল।”

শেহতীয়াকৈ দীঘলীপুখুৰীৰ পাৰৰ গছ কটা সন্দৰ্ভত চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে লোক নিৰ্মাণ বিভাগে। দীঘলীপুখুৰী পাৰৰ এডালো গছ কটা নাই বুলি উল্লেখ কৰে লোকনিৰ্মাণ বিভাগে।
উৰণ সেতু নিৰ্মাণৰ বাবে ৭৭ জোপা গছ স্থানান্তৰ কৰা হৈছিল। বিগত কেইবাদিনো ধৰি দীঘলীপুখুৰীৰ গছ কটা বিষয়টোক লৈ বিভিন্ন মাধ্যমত চৰ্চা চলি আছে।
এই অভিযোগ সন্দৰ্ভত এজন বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে- “দীঘলীপুখুৰীত কোনো গছ কটা হোৱা নাই।”
“উৰণসেতু নিৰ্মাণৰ বাবে গুৱাহাটী ক্লাবৰ পৰা দীঘলীপুখুৰী পাৰলৈকে ৭৭ জোপা গছ স্থানান্তৰহে কৰা হৈছিল। তাৰে ভিতৰত ৩৪ জোপা গছ Handloom Textileৰ চৌহদত আৰু বাকী ৪৩ জোপা গছ লাচিত ঘাটত সংৰোপন কৰা হৈছে।”
লগতে তেওঁ কয় যে, “দিল্লীৰ কোম্পানীক গোটেই গছসমূহ হস্তান্তৰ কৰাৰ দায়িত্ব দিয়া হৈছিল। আমি দুটাকৈ ঠাইত এই গছসমূহ স্থানান্তৰ কৰিছোঁ। সৰু সৰু গছবোৰ বাছিছে যদিও ডাঙৰ গছবোৰ বছোৱাৰ চেষ্টা চলাই থকা হৈছে।”
লগতে পঢ়ক: ধনতেৰাছৰ দিনটোতে মহানগৰীত হ্ৰাস পালে সোণৰ মূল্য! আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য কিমান?


