প্ৰতিকাত্মক ৰূপত ফাঁচী কাঠত ওলমালে শ্যামকানু-সিদ্ধাৰ্থক! ফাঁচী কাঠত ওলমাই ৰাইজে দিলে ‘জয় জুবিন দা’ শ্ল’গান!
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ ক্ষুভিত হৈ আছে সমগ্ৰ অসমৰ জনতা। প্ৰতিগৰাকী অনুৰাগীয়ে এতিয়া প্ৰিয় শিল্পীগৰাকীৰ ন্যায়ৰ অপেক্ষাত আছে।
জুবিনক ন্যায় দিবলৈ আৰু জুবিনৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। লগতে জুবিনৰ ঘটনাৰে জড়িত দুই মূল খলনায়ক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচী দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে।
শেহতীয়াকৈ প্ৰতিকাত্মক ৰূপত শ্যামকানু আৰু সিদ্ধাৰ্থৰ ওপৰত ক্ষোভ উজাৰিলে ৰাইজে। প্ৰতিকাত্নক ৰূপত দুই অভিযুক্তত ৰাজহুৱাকৈ ফাঁচী কাঠত ওলমালে ক্ষুব্ধ ৰাইজে। ফাঁচী কাঠত ওলমাই ৰাইজে দিলে “জয় জুবিন দা শ্ল’গান”।

উল্লেখ্য যে,ৰঙাপৰা চহৰৰ মাজমজিয়াস্থিত কনকলতাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰাজহুৱা ফাঁচি দি প্ৰতিবাদ সাব্যস্ত কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে।
লগতে “জুবিন গাৰ্গ অসমৰ সম্পদ, জুবিন আৱেগ, জুবিন অসমীয়া জাতিৰ জাতীয় সত্ত্বা, জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব, জুবিন অসমৰ সম্পদ বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে”।
SIT য়ে যদি জুবিন গাৰ্গৰ ন্যায় দিয়াত ব্যৰ্থ হয় তেন্তে CBI ক ইয়াৰ তদন্ত হস্তান্তৰ কৰাৰ আহ্বান জনোৱাল লগতে অতিশীঘ্ৰে জুবিনৰ মৃত্যুৰ ৰহস্য ৰাজহুৱা কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জুবিন অনুৰাগী তথা AJYCP ৰ সদস্যসকলে।
সমান্তৰালভাৱে যোৰহাটৰ বৰুৱা চাৰিআলিতো প্ৰতিবাদ সাব্যস্ত কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এতিয়া প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচী দাবী কৰিছে।
লগতে পঢ়ক: কটা নাই, স্থানান্তৰহে কৰা হৈছে!ৰাইজক এই কথা জনালে লোক নিৰ্মাণ বিভাগে!


