পুনৰ মুকলি হ’ব পূ্ৰ্বে বন্ধ হৈ যোৱা ছবিগৃহ। ‘ৰৈ ৰৈ বিনালে’ ছবিখনে আনিলে আশাৰ বতৰা!

0 583

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন আৰু সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। শুক্ৰবাৰৰ পৰাই আৰম্ভ হৈছে ছবিখনৰ অনলাইন টিকট বুকিং প্ৰক্ৰিয়া। অনলাইন টিকট বুকিং প্ৰক্ৰিয়া মুকলি কৰাৰ পিছৰে পৰা বক্স অফিচত খলকনি সৃষ্টি কৰিছে ছবিখনে।

মুক্তিৰ পূৰ্বেই সৃষ্টি কৰিলে অভিলেখ। টিকট বিচাৰি হাহাকাৰ লাগিছে জুবিন অনুৰাগীৰ মাজত। উল্লেখ্য যে, দৰ্শকৰ সুবিধাৰ বাবে পুৱাৰ পৰা মাজ নিশালৈ চলিব ছবিখন।

ইতিমধ্যে ৩১ অক্টোবৰৰ দিনটোত অনলাইনত শেষ হৈছে সকলো টিকট। মুক্তিৰ দিনটোৰ পৰাই ৰাজ্যৰ সকলো ছবিগৃহতে ৪-৫ দিনলৈ হাউচফুল প্ৰতিটো দৰ্শনী। সকলো অনুৰাগীয়ে উপভোগ কৰিব পৰাকৈ নতুনকৈ মুকলি কৰা হৈছে বহু চিনেমা হল।

সেই উদ্দেশ্যে জুবিনপ্ৰেমী ৰাইজৰ বাবে গুৱাহাটীৰ Times Square Mall ত নতুনকৈ মুকলি কৰা হ’ব এটা ছবিগৃহ। পূৰ্বে এই হলটো চলাইছিল ‘Carnival Cinemas’য়ে।

কিছুবছৰ পূৰ্বে বন্ধ হৈ গৈছিল এই হলটো। বৰ্তমান Times Square Mall য়ে নিজেই অধিগ্ৰহণ কৰি পূৰ্ণগতিত নিৰ্মাণ কাৰ্য চলাই আছে হলটোৰ। উল্লেখ্য যে, Multiplex Screenৰ Times Square Mall য়ে পুনৰ নিৰ্মাণ কৰা ছবিগৃহটোৰ নতুন নাম হ’ব TS Cinemas’। অতি শীঘ্ৰেই মুকলি কৰা হ’ব এই নতুন হলটো।

লগতে পঢ়ক: প্ৰতিকাত্মক ৰূপত ফাঁচী কাঠত ওলমালে শ্যামকানু-সিদ্ধাৰ্থক! ফাঁচী কাঠত ওলমাই ৰাইজে দিলে ‘জয় জুবিন দা’ শ্ল’গান!

media school
Leave A Reply

Your email address will not be published.