ৰৈ ৰৈ বিনালে আমাৰ নহয়, অসমৰ ৰাইজৰ ছবি! আৱেগিক হৈ কি ক’লে পৰিচালক ৰাজেশ ভূঞাই?

0 488

অসমবাসীৰ উৎকণ্ঠাৰ অৱসান ঘটাই আজি শুভমুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ দিনটোতে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে ছবিখনে’।

পুৱা ৪.২৫ বজাতেই গুৱাহাটীৰ বেলাতলাস্থিত Matrix চিনেমা হলত দেশৰ ভিতৰতে আৰম্ভ হ’ল প্ৰথমটো দৰ্শনী। কণমানিৰ পৰা বৃদ্ধলৈকে প্ৰতিগৰাকী অনুৰাগীয়ে অন্তিমবাৰৰ বাবে ৰূপালী পৰ্দাত চালে প্ৰিয় শিল্পীগৰাকীক। অসমৰ প্ৰতিটো ছবিগৃহত মহানায়কৰ বাবে সংৰক্ষিত হৈ ৰ’ল এখন সুকীয়া আসন।

ছবিখনৰ শুভমুক্তিৰ পিছতেই প্ৰতিটো ছবিগৃহলৈ গৈ কাৰিকৰীক দিশটো এবাৰ চাবলৈ চেষ্টা কৰে পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজক শ্যামন্তক গৌতমে। কাৰণ ‘সকলো সঠিক হ’লেহে জুবিন গাৰ্গে ভাল পায়’ বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে পৰিচালক ৰাজেশ ভূঞাই।

উল্লেখ্য যে, ছবিখনৰ সন্দৰ্ভত চকুলোঁ টুকি ৰাজেশ ভূঞাই ক’লে- “এইখন আমাৰ ছবি নহয়, ৰৈ ৰৈ বিনালে অসমবাসী ৰাইজৰ ছবি। অসমৰ ৰাইজে জুবিন গাৰ্গক কিমান ভাল পায়, সেয়া প্ৰমাণ কৰি দেখুৱালে।”

“জুবিনে অভিলেখ ভংগ কৰিলে। আজিৰ পৰা হয়তো অসমীয়া ছবি জগতৰ বাবে নতুন এটা ধাৰা আৰম্ভ হ’ব।”

লগতে ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে কয় যে, “জুবিনে বিচৰা ধৰণেৰে আমি সকলোখিনি কৰি গৈছো আৰু ৰাইজে জুবিনৰ প্ৰতি থকা মৰমবোৰ প্ৰমাণ কৰিছে।”

লগতে পঢ়ক: পুনৰ মুকলি হ’ব পূ্ৰ্বে বন্ধ হৈ যোৱা ছবিগৃহ। ‘ৰৈ ৰৈ বিনালে’ ছবিখনে আনিলে আশাৰ বতৰা!

media school
Leave A Reply

Your email address will not be published.