অসম আৰক্ষীয়ে লাভ কৰিলে জুবিন গাৰ্গৰ টক্সিক’ল’জি ৰিপৰ্ট! কি আছে ৰিপৰ্টত?

0 634

ছিংগাপুৰ কৰ্তৃপক্ষই অসম আৰক্ষীলৈ প্ৰেৰণ কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। সংবাদমাধ্যমৰ আগত এই কথা নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সমান্তৰালভাৱে জুবিন গাৰ্গৰ মৃত্যু”ৰ গোচৰৰ তদন্ত চলাই থকা SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তায়ো সদৰী কৰিলে এই কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত দলটোৱে আদালতত অভিযোগনামা দাখিল কৰিব।”

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “আমাৰ SITয়ে যেতিয়া ছিংগাপুৰ ভ্ৰমণ কৰিছিল তেতিয়া তেওঁলোকে সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছিল।”

ইয়াৰ পাছত ছিংগাপুৰ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে মৰণোত্তৰ পৰীক্ষা আৰু টক্সিক’ল’জি প্ৰতিবেদন আৰু মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটিৰ অধীনত সাগৰৰ সৈতে জড়িত তেওঁলোকৰ গাইডলাইনসমূহ আনুষ্ঠানিকভাৱে অসমলৈ প্ৰেৰণ কৰিছে।

ইফালে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কয় যে, “ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ ফাইনেল ৰিপৰ্ট আৰু টক্সিক’ল’জি ৰিপৰ্ট আমি লাভ কৰিছো। এই তথ্যই তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়াত সহায় কৰিব।” লগতে ৩০ দিনৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰা হ’ব বুলিও আশ্বাস দিয়ে বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ১০ জনীয়া SIT ৰ দলে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৭ অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে, SIT য়ে নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব।

তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “তেওঁলোকে ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। জুবিনৰ ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত একেবাৰে আত্মবিশ্বাসী SIT।”

“১৭ ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বীট দাখিল কৰাৰ পাছত অসমবাসীয়ে তেওঁলোকৰ কামৰ শলাগ হ’ব। ৰাজ্য চৰকাৰে জুবিনৰ মৃত্যুৰ গোচৰৰ উচিত তদন্তৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ হ’লেও ৰাজ্যৰ অন্যান্য “ইছ্যু” ৰ পৰা মনোযোগ আঁতৰাই নিনিয়ে।”

সমান্তৰালভাৱে কংগ্ৰেছক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “কংগ্ৰেছে অসম বাংলাদেশৰ অংশ হোৱাটো বিচাৰে, সেইবাবেই তেওঁলোকে বাংলাদেশৰ জাতীয় সংগীত গায় আৰু ন্যায়িক মৰ্যাদা প্ৰদান কৰিবলৈও চেষ্টা কৰে।”

শেহতীয়াকৈ শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন সভাত বাংলাদেশৰ জাতীয় সংগীত গোৱাৰ অভিযোগৰ তদন্ত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে হিমন্ত চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে, “লাভ জেহাদ আৰু বেদখল ৰাজ্যখনৰ বাবে চিন্তাৰ বিষয় আৰু জুবিন গাৰ্গৰ গোচৰৰ তদন্ত লগতে এই বিষয়বোৰতো ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে।”

লগতে পঢ়ক: ৰৈ ৰৈ বিনালে আমাৰ নহয়, অসমৰ ৰাইজৰ ছবি! আৱেগিক হৈ কি ক’লে পৰিচালক ৰাজেশ ভূঞাই?

media school
Leave A Reply

Your email address will not be published.