T-২০ৰে ‘come back’কৰিব ৰোহিত-বিৰাট যুটীয়ে,IND vs AFG t-২০ শৃংখলাৰ বাবে দল ঘোষণা

0 3,044

BCCI এ আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰিছে। ১৬ জনীয়া দলটোত আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ নাম। দীৰ্ঘদিনৰ পিছত ভাৰতৰ টি-২০ দললৈ প্ৰত্যাৱৰ্তন কৰিছে দুই তাৰকা ক্ৰিকেটাৰে।

১৪ মাহৰ দীঘ বিৰতিৰ পিছত কোহলীযে t-২০ ফৰ্মেটত come-back কৰিছে। ২০২২ চনৰ নৱেম্বৰত টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছত ৰোহিত আৰু কোহলীয়ে টি-২০ মেচত অংশ লোৱা নাই।

দীৰ্ঘদিনৰ পৰা হাৰ্দিক পান্দিয়াই ভাৰতক t-২০ শৃংখলাত নেতৃত্ব দি আছিল, কিন্তু আঘাতৰ বাবে পাঙীয়া আফগানিস্তান ছিৰিজৰ অংশীদাৰ নহয়। তেওঁৰ পৰিবৰ্তে ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব। ১১ জানুৱাৰীত আৰম্ভ হব ভাৰত আফগানিস্তানৰ t-২০ শৃংখলা।

আফগানিস্তানৰ বাবে ভাৰতৰ টি-২০ দলত আছে ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (ৱিকে), সঞ্জু চেমচন (ৱিকে), শিৱম দুবে, ৱাশ্বিংটন সুন্দৰ, অক্সাৰ পেটেল, ৰবি বিষ্ণোই, কুলদীপ যাদৱ, আবেশ খান, মুকেশ কুমাৰ।

media school
Leave A Reply

Your email address will not be published.