সলনি হৈছে UPI লেনদেনত একাধিক নিয়ম! জানি লওক, অন্যথা পৰিব পাৰে সমস্যাত

0 4,098

আজিকালি নগদ ধনৰ লেনদেনৰ পৰিৱৰ্তে UPIৰ জৰিয়তে ধন পৰিশোধ কৰাটো সহজ উপায় হৈ পৰিছে । লাখ লাখ টকা হওক বা ১০-২০ টকা হওক বেছিভাগ মানুহেই আজিকালি সহজে UPI ব্যৱহাৰ কৰি ধন পৰিশোধ কৰে।

কিন্তু নতুন বছৰত UPI পেমেণ্ট সেৱা উন্নত কৰাৰ বাবে নিয়মৰ কেইবাটাও পৰিৱৰ্তন কৰা হৈছে। কেৱল সেয়াই নহয়, কেইবাটাও নতুন নিয়মো ৰূপায়ণ কৰা হৈছে।

UPI ID আৰু সংযুক্ত মোবাইল নম্বৰ যাৰ জৰিয়তে যোৱা ১ বছৰত কোনো লেনদেন কৰা হোৱা নাই  সেইবোৰ ইতিমধ্যে বাতিল বা নিষ্ক্ৰিয় কৰি দিয়া হৈছে। UPI ID জালিয়াতিৰ আশংকা হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।UPIৰ জৰিয়তে NPCIৰ দৈনিক লেনদেনৰ সীমা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

অনলাইন ৱালেটৰ দৰে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টৰ জৰিয়তে ২০০০ টকাৰ ওপৰৰ লেনদেনৰ বাবে ১.১ শতাংশ আদান-প্ৰদান মাচুল লোৱা হ’ব।

শীঘ্ৰে সমগ্ৰ দেশতে UPI ATM মুকলি কৰিবলৈ ওলাইছে ৰিজাৰ্ভ বেংকে। QR ক’ড স্কেন কৰি বেংক একাউণ্টৰ পৰা নগদ ধন উলিয়াব পাৰিব।

media school
Leave A Reply

Your email address will not be published.