অসমত প্ৰৱেশ কৰিলে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’;

0 298

বৃহস্পতিবাৰে (১৮ জানুৱাৰী) পুৱা কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা নাগালেণ্ডৰ পৰা আহি অসমত প্ৰৱেশ কৰে।

অসমত এই যাত্ৰাৰ প্ৰৱেশ উপলক্ষে শিৱসাগৰ জিলাৰ হালোৱাটিঙত “পতাকা অৰ্পণ” অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত নাগালেণ্ড কংগ্ৰেছৰ মুৰব্বী এছ সুপংমেৰেন জমিৰে অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰে।

এই উপলক্ষে ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত সমৰ্থন লাভ কৰিব বুলি তেওঁ আশাবাদী।

নাগালেণ্ডত ভাৰত জোড়ো ন্যায় যাত্ৰাই যথেষ্ঠ সমৰ্থন লাভ কৰিছে, আৰু আশা কৰিছো যে এই যাত্ৰাই অসমতো একেধৰণৰ সহযোগিতা আৰু মৰম-সমৰ্থন লাভ কৰিব।’- ৰাহুল গান্ধীয়ে কয়।

উল্লেখ্য যে শিৱসাগৰ জিলাৰ হালোৱাটিঙত বিভিন্ন শ্ৰেণীৰ হাজাৰ হাজাৰ লোকে এই যাত্ৰাক আদৰিবলৈ ভিৰ কৰিছিল। কংগ্ৰেছ দলে ভাৰত জোড়ো ন্যায় যাত্ৰাক “শাসকীয় নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কৰা অন্যায়”ৰ বিৰুদ্ধে এক সমদল বুলি অভিহিত কৰিছে।

media school
Leave A Reply

Your email address will not be published.