অন্ত ৫০০ বছৰৰ অপেক্ষাৰ: সম্পন্ন হল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

0 704

অন্ত পৰিল ৫০০ বছৰ অপেক্ষাৰ। প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰাম মন্দিৰৰ। ৫৫০ বছৰীয়া পৰিক্ৰমাৰ অন্তত অৱশেষত অযোধ্যালৈ আজি ৰাম আহিল।

প্ৰাণ প্ৰতিষ্ঠাৰ শুভ ক্ষণ ১২ বাজি ২৯ মিনিট আৰু ৮ ছেকেণ্ডৰ পৰা আৰম্ভ হৈ ১২ বাজি ৩০ মিনিট আৰু ৩২ ছেকেণ্ডলৈ আছিল। অৰ্থাৎ শুভ ক্ষণ কেৱল ৮৪ ছেকেণ্ডৰ। এই সময়চোৱাতে হয় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্পন্ন কৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূজা। লগত থাকে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে ৰাম মন্দিৰত সেনাৰ হেলিকপ্টাৰৰ দ্বাৰা পুষ্পাবৃষ্টি হয়।

এক আধ্যত্মিক পৰিৱেশৰ মাজত সম্পন্ন হয় এই কাৰ্যসূচী। এই সময়চোৱাত হাজাৰ হাজাৰ ভক্ত উপস্থিত থাকে ৰাম মন্দিৰত। প্ৰায় ৭০০০ নিমন্ত্ৰিত অতিথিয়ে অংশ লয় এই কাৰ্যসূচীত।

৫৫০ বছৰীয়া বিবাদৰ অন্তত ৰামে পালে ঠিকনা! দীৰ্ঘদিনীয়া ধৰি চলি থকা বিবাদৰ অন্তত উচ্চতম ন্যায়ালয়ে ছিল মাৰিছিল বিবাদত। সেই অনুসৰিয়েই অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশেষত আজি এই মহেন্দ্ৰ ক্ষণত সম্পন্ন হয় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা।

media school
Leave A Reply

Your email address will not be published.