আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পুনৰ ভাৰত বনাম অষ্ট্ৰেলিয়া

0 1,994

এইবাৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত ভাৰত বনাম অষ্ট্ৰেলিয়া। বৃহস্পতিবাৰে ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰে অষ্ট্ৰেলিয়াই। দেওবাৰে অৰ্থাৎ ১১ ফেব্ৰুৱাৰীত বিশ্বকাপৰ ট্ৰফীৰ বাবে মুখামুখি হ’ব টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া। ছিনিয়ৰ ৱান ডে বিশ্বকাপৰ পিছত যুৱ বিশ্বকাপত দুয়োটা দল পুনৰ মুখামুখি হৈছে।

কালি অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল খেলখন শেষ অভাৰলৈ যায়। ১ উইকেটত পৰাস্ত হয় পাকিস্তান। মেচখনৰ এটা সময়ত অষ্ট্ৰেলিয়া পিছ পৰি আছিল যদিও শেষ অভাৰলৈকে খেল অব্যাহত ৰাখিছিল। পাকিস্তানে অষ্ট্ৰেলিয়াক ১৮০ ৰানৰ লক্ষ্য দিছিল। ইয়াৰ প্ৰত্যুত্তৰত অন্তিম অভাৰত ৯টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই জয়লাভ কৰে।

প্ৰথমে বেটিং কৰি পাকিস্তানে মাত্ৰ ১৭৯ ৰানহে কৰে। মাত্ৰ ৩ জন বেটছমেনেহে দহৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ছেমি ফাইনেলত আজান আৱাইছে ৫২ আৰু আৰাফাত মিনহাছে ৫২ ৰান সংগ্ৰহ কৰে। বাকী সকলো বেটছমেন সম্পূৰ্ণ ব্যৰ্থ বুলি প্ৰমাণিত হয়।

media school
Leave A Reply

Your email address will not be published.