শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহক ‘এডুকেটৰ অৱ ছ’চিয়েল ৰিফৰ্মাৰ’ বঁটা প্ৰদান

0 994

দীৰ্ঘ দিনে সমাজৰ পিছপৰা শ্ৰেণীৰ হকে কাম কৰি অহা শিক্ষাবিদ, বিশিষ্ট সামজকৰ্মী ড০ দয়ানন্দ শ্বাহক ‘এডুকেটৰ অৱ ছ’চিয়েল ৰিফৰ্মাৰ’ বঁটা প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক বিশেষ বঁটাৰে সন্মানীত কৰে ইন্সপায়াৰ গ্ৰুপে।

গুৱাহাটীৰ মাছখোৱাস্থিত আইটিএত অনুষ্ঠিত কৰা পিনাকল এৱাৰ্ড অনুষ্ঠানত ‘এডুকেটৰ অৱ ছ’চিয়েল ৰিফৰ্মাৰ’ বঁটা গ্ৰহণ কৰে ড০ শ্বাহে। শ্বাহক এই বঁটা প্ৰদান কৰে স্বনামধন্য অভিনেত্ৰী চেতনা দাসে।

শ্বাহে বঁটা গ্ৰহণ কৰি কয় ‘এই সন্মানে মোক নথৈ আনন্দিত কৰিছে আৰু সমাজখনৰ প্ৰতি দায়িত্ব বৃদ্ধি কৰিলে।ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি কৰা সমাজ সেৱা কৰি আহিছে৷ বিশেষকৈ নিজেই শিক্ষানুষ্ঠান গঢ়ি শিক্ষাৰ জাগৰণ সৃষ্টিত সহায় কৰিছে।

ডিব্ৰুৱাল চাংমাই গাঁৱৰ প্ৰয়াত শিৱকান্ত শ্বাহ আৰু লক্ষীদেৱী শ্বাহৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে৷ ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে৷ পিছপৰা চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰি গৈছে৷

media school
Leave A Reply

Your email address will not be published.