প্ৰাক-শিক্ষক দিৱসত শিক্ষাবিদ-সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সম্বৰ্ধনা

0 374

ৰাজ্যৰ দুটাকৈ স্বেচ্ছাসেৱী অনুষ্ঠানে যৌথভাৱে অনুষ্ঠিত কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী শিক্ষাবিদৰ লগতে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়োৱা বৰঙণিৰ বাবে শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃয়ে এটা গছপুলি, মানপত্ৰ আৰু বিশেষ ট্ৰফীৰে ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰে৷ স্বেচ্ছাসেৱী অনুষ্ঠান দুটাই শিক্ষক দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীমন্ত কলাক্ষেত্ৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰে৷

বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচন আৰু মা বিদ্যাভাৰতী ফাউণ্ডেচনৰ উদ্যোগত প্ৰাক-শিক্ষক দিৱস উদযাপন কৰা হয়৷ প্ৰাক-শিক্ষক দিৱসত ৰাজ্যৰ বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহক সন্মানীত কৰা হয়৷ ডিব্ৰুগড়ৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী ড০ দয়ানন্দ শ্বাহে সদায়েই সমাজৰ পিছপৰা শ্ৰেণীৰ হকে কাম কৰি আহিছে৷

শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ, চাহ জনগোষ্ঠীৰ নেতা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি সমাজ সেৱা কৰি আহিছে৷ বিশেষকৈ নিজেই শিক্ষানুষ্ঠান গঢ়ি শিক্ষাৰ জাগৰণ সৃষ্টিত সহায় কৰিছে। ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে৷

Leave A Reply

Your email address will not be published.