শৃংখল চলিহাক আটক

0 543

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।শুকুৰবাৰে পুৱাৰ ভাগত শিৱসাগৰ আৰু ডিব্ৰুগড় আৰক্ষীয়ে চেপন আৰু মৰণৰ সীমাত আটক কৰে শৃংখল চলিহাক। শৃংখল চলিহাসহ ৫০ জনৰো অধিক সতীৰ্থক আটক কৰিছে আৰক্ষীয়ে।

শৃংখল চলিহাক আটক কৰা পাছতে উত্তাল হৈ পৰিছে শিৱসাগৰৰ ৰাজপথ। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু সাংগাঠনিক সচিব হৰ কুমাৰ গগৈক আটক কৰি ডিব্ৰুগড়লৈ লৈ যোৱাৰ পিছতে প্ৰতিবাদত নামি পৰিছে শিৱসাগৰবাসী।

লগতে পঢ়ক: কলিকতাৰ মা ভৱতৰিণী মন্দিৰত উপস্থিত কাজল, মা ৰ আশীষ ল’লে কাজলে

আনহাতে শিৱসাগৰ অনুসূচীত ছাত্র সন্থা আৰু বীৰ লাচিত সেনাই সাব্যস্ত কৰিছে প্ৰতিবাদ।

৩ ঘণ্টা ভিতৰত শৃংখল চলিহাৰ লগতে সকলো সতীৰ্থক মুকলি কৰি দিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। অন্যথা শিৱসাগৰৰ লগতে সমগ্র উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।

media school
Leave A Reply

Your email address will not be published.