আকৌ হ’ব পাৰে লকডাউন! দেশত ভয়াৱহ ৰূপত কৰোনাৰ সংক্ৰমণ

0 497

ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN. 1 বিভিষিকাৰ সৃষ্টি কৰিছে সমগ্র বিশ্ব জুৰি। তেনেসময়তে ভাৰততো দিনে দিনে বৃদ্ধি পাব ধৰিছে কভিড আক্রান্ত ৰোগীৰ সংখ্যা ।

২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকৈ ৬৮১৯ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে আৰু ইয়াৰে ২১০ জন লোকৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছে। বৰ্তমান মুম্বাইৰ মুঠ ১৮৩ জন ৰোগীৰ ভিতৰত ৮১ জন আৰোগ্য হৈছে যদিও বাকীসকলৰ এতিয়াও দেহত ক’ভিডৰ লক্ষণ সামান্য পৰিমাণে দেখা পোৱা গৈছে।

তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৪৫ জন লোক আক্ৰান্ত হৈছে। তাৰ ভিতৰত ৩৫ জন মুম্বাইৰ, ৪ জন পুনেৰ, ২ জন ৰাইগাডৰ, ১জন লাটুৰৰ আৰু ১ জন থানেৰ। বাংগালোৰত এটি ৯ মহীয়া শিশু কৰোণাত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে।

তাৰোপৰি তেলেংগানাত নতুনকৈ এজন ৰোগী আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে। সমান্তৰালভাৱে গাজিয়াবাদতো ৪ জন লোক কৰোণাত আক্ৰান্ত হৈছে। লগতে মে’ মাহত ২৭৩ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে।

২০২০ বৰ্ষত কৰোণাই সমগ্ৰ বিশ্বত জুৰি ত্ৰাসৰ সৃষ্টি কৰিছিল। যাৰ বাবে বিশ্বৰ লাখ লাখ জনতাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

লগতে পঢ়ক: শৃংখল চলিহাক আটক

তাৰ পিছত দীঘলীয়া গৃহবন্দীত্ব সময় পাৰ কৰি লাহে লাহে জনসাধাৰণে কিছু পৰিমাণে সকাহ লাভ কৰিছিল যদিও বৰ্তমান কৰোণাৰ নতুন ভেৰিয়েণ্টে সকলোকে চিন্তিত কৰি তুলিছে।

ক’ভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত ৰোগীৰ খবৰ লাভ কৰাৰ পিছতে স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে।

ক’ভিডৰ এই নতুন ভেৰিয়েণ্টটোৰ লক্ষণসমূহৰ ভিতৰত জ্বৰ, কাহ, মূৰৰ বিষ, নাকৰ পৰা পানী ওলোৱা, গোন্ধ নোপোৱা আদি উল্লেখনীয়।

media school
Leave A Reply

Your email address will not be published.